ডেল্টা প্লাছত আক্ৰান্ত হৈ পুনৰ মৃত্যু মধ্য প্ৰদেশত

COVID death PTI

কৰ’না ভাইৰাছৰ ডেল্টা প্লাছ প্ৰজাতিত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু মধ্যপ্ৰদেশত । এমাহ আগতে কৰ’না আক্ৰান্তত এজন লোকৰ মৃত্যু হৈছিল।

কিছুদিন পূৰ্বেই এইটো প্ৰকাশ পাইছিল যে তেওঁ ডেল্টা প্লাছত আক্ৰান্ত হৈছিল । ইতিমধ্যে ৰাজ্যখনত কমেও সাতজন লোক আক্ৰান্ত হৈছে ডেল্টা প্লাছ প্ৰজাতিত ।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে, মৃত্যু হোৱা লোক দুজনে টিকাকৰণ কৰা নাছিল। কিন্তু তাৰে তিনিজন ৰোগী যিয়ে হয় এটা বা দুটা ভেকছিন লৈছিল তেওঁলোক সুস্থ হৈছে বা কোনো জটিলতা নোহোৱাকৈ ঘৰতে কোৱাৰেন্টাইন হৈ আছে ।

আন দুজন যি দুজনে কোনো ভেকছিন গ্ৰহণ কৰা নাছিল তেওঁলোকো ক’ভিড জয়ী কৰিছে বুলি চিকিৎসকে জানিবলৈ দিয়ে । তেওঁলোকৰে এগৰাকী ২২ বছৰীয়া তৰুণী । অন্য জন দুই বছৰৰ এজন শিশু ।

ডেল্টা প্লাছ প্ৰজাতিত আক্ৰান্ত হোৱাৰ ৰোগীসকলৰ মাজত তিনিজন ভূপালৰ বাসিন্দা, দুজন উজ্জয়িনীৰ বাসিন্দা। বাকী দুজনৰ এজন ৰাইচেনৰ আৰু আনজন অশোকনগৰ জিলাৰ বাসিন্দা ।

মধ্য প্ৰদেশৰ বাহিৰেও, কেৰালা আৰু মহাৰাষ্ট্ৰত ডেল্টা প্লাছ প্ৰজাতিত আক্ৰান্ত হৈছে বহুতো । দেশখনত ইতিমধ্যে ৪০ জনতকৈও অধিক ডেল্টা প্লাছ প্ৰজাতি সংক্ৰমিত হৈছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে তিনিখন ৰাজ্যক সতৰ্ক কৰি দিছে।

Exit mobile version