নিশাৰ ভিতৰতে কোটিপতি হৈয়ো পুনৰ পূৰ্বৰ অৱস্থাত ঘূৰিব লগা হয় আমেৰিকাৰ এজন ব্যক্তি

image 392

মাত্ৰ কেইঘন্টামানৰ বাবেহে সপোন সাৰ্থক হৈছিল । এটা নিশাৰ বাবে কোটিপতি হৈয়ো পুনৰ পূৰ্বৰ অৱস্থাত ঘূৰিব লগা হয় আমেৰিকাৰ এজন ব্যক্তিৰ ।

প্ৰতিদিনেই নিজৰ ভাগ্য পৰীক্ষা‌ কৰিবৰ বাবে ক্ৰিপ্ত’ মাৰ্কেটত ধন বিনিয়োগ কৰে ক্ৰিছ উইলিয়ামচন নামে এজন ব্যক্তিয়ে । একেদৰেই যোৱা ১৬ জুনত তেওঁ নিজৰ ভাগ্য পৰীক্ষা‌ কৰিবৰ বাবে ক্ৰিপ্ত’ মাৰ্কেটত মাত্ৰ ২০ ডলাৰ বিনিয়োগ কৰিছিল ক‌ইনবেছ এপৰ জৰিয়তে । পাছদিনাখন ক্ৰিছে শোৱাৰ পৰা উঠি দেখে তেওঁৰ একাউণ্টত ১১৪১৫০১৫৬৪৪৩৮ ডলাৰ জমা হৈছে ।

ক্ৰিছে কয়, ‘তেতিয়া লাগিছিল সপোন দেখি থকা নাইতো ?’ তেওঁ পুনৰ একাউণ্টটো ভালকৈ চাই দেখে, নহয়, সপোন নহয়, নিশাৰ ভিতৰতে তেওঁ এই বিপুল ধনৰ মালিক হৈছে ।

কিন্তু তেওঁৰ এই আনন্দ, উল্লাস যে ক্ষণস্থায়ী আৰু তেওঁ পুনৰ পূৰ্বৰ অৱস্থাত ঘূৰি যাব লাগিব সেইটো তেওঁ কল্পনাই কৰা নাছিল । নিশাৰ ভিতৰতে কোটিপতি হৈছিল ঠিকেই, কিন্তু তেওঁ জয় কৰা টকা ক‌ইনবেছত দাবী কৰোতেই সকলো পৰিৱৰ্তন হৈ যায় । ক‌ইনবেছে ক্ৰিছক জনায়, এই ধন তেওঁৰ নহয় । প্ৰযুক্তিগত ত্ৰুটিৰ বাবে এই বিপুল ধন তেওঁৰ একাউণ্টত সোমাইছে । সেয়ে তেওঁ এই ধন দাবী কৰিব নোৱাৰে ।

যি স্বপ্ন ক্ৰিছে প্ৰতিদিনেই দেখি আহিছে, সেই স্বপ্ন পূৰ্ণ হয় ঠিকেই, কিন্তু তাৰ বাস্তৱ ক্ষণস্থায়ী হয় । নিশাৰ ভিতৰতে কোটিপতি হৈয়ো পুনৰ হাত খালি হৈ যায় ক্ৰিছৰ ।

ক্ৰিছে জনায়, তেওঁ এই ধন লাভ কৰা হ’লে, ইয়াৰে কিছু অংশ মানুহৰ সেৱাত ব্যৱহাৰ কৰিলে হয় । ভগ্নীৰ গৃহৰ ঋণ পৰিশোধ কৰিলে হয় । এটা বিশাল চিকিৎসালয় নিৰ্মাণ কৰিলে হয় ।

Exit mobile version