পিতৃৰ একাউণ্টৰ ১৮ লাখ টকা যৌনকর্মীক আদায় দিছিল বাইডেনৰ পুত্ৰই

gettyimages 520783510 web 1601558266

আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ পুত্র হান্টাৰ বাইডেনৰ ব্যক্তিগত জীৱন সন্দৰ্ভত পুনৰ এক চাঞ্চল্যকৰ তথ্য পােহৰলৈ আহিল। বিদেশী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হান্টাৰে অবৈধভাৱে পিতৃৰ বেংক একাউণ্টৰ পৰা ২৫ হেজাৰ ডলাৰ অর্থাৎ ভাৰতীয় মূল্যত ১৮ লাখ ৫৫ হেজাৰ টকা এগৰাকী ৰুছ যৌনকর্মীক আদায় দিছিল।

দ্য নিউয়র্ক প’ষ্ট’ৰ প্রকাশিত বাতৰি অনুসৰি, হান্টাৰে ২০১৮ৰ মে’ত এমিৰেল্ড ফেন্টাচি গার্লছ নামৰ ৰাছিয়াৰ এটা এছকর্ট এজেন্সী পৰা য়ানা নামৰ এগৰাকী ৰুছ যৌনকর্মীক মাতি আনিছিল।

হান্টাৰে য়ানালৈ ম’বাইলৰে মেছেজ দি এখন হােটেললৈ মাতি নিছিল আৰু পাছত উক্ত হােটেলত যৌনকর্মীগৰাকীৰ স’তে যৌন সম্পৰ্কত লিপ্ত হৈছিল। ইয়াৰ পাছত ৰুছ কলগার্লগৰাকীক হান্টাৰে পিতৃ জ’ বাইডেনৰ একাউণ্টৰ পৰা ২৫ হেজাৰ ডলাৰ আদায় দিছিল।

এইসমূহ তথ্য হান্টাৰৰ লেপটপত সংৰক্ষিত হৈ আছিল। হান্টাৰে লেপটপটো ডেলৱেৰৰ এটা মেৰামতি কেন্দ্ৰত ভুলতে এৰি থৈ আহিছিল আৰু পাছত লেপটপটো আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফ বি আয়ে লাভ কৰে।

হান্টাৰে মুঠ পাঁচবাৰ অনলাইনৰে ধন য়ানাক আদায় দিছিল আৰু এইদৰে আদায় দিয়া মুঠ ধনৰ পৰিমাণ আছিল ২৫ হেজাৰ ডলাৰ। মার্কিন ৰাষ্ট্ৰপতিৰ পুত্ৰৰ এই যৌন কেলেংকাৰিৰ ঘটনাই সম্প্রতি আমেৰিকাৰ সংবাদ মাধ্যমত বিশেষ চর্চা লাভ কৰিছে।

Exit mobile version