বিদ্যালয় মুকলিৰ জৰুৰী কৌশলৰ প্ৰয়োজন

আগ্ৰাসী তৎপৰতাৰে আগবাঢ়িব লাগিবঃ পৰামৰ্শ এইমছৰ সঞ্চালক ডাঃ গুলেৰীয়াৰ

Guleria

ক’ভিডৰ প্ৰাবল্যৰ বাবে বিগত এবছৰতকৈ অধিক সময় বন্ধ হৈ থকা বিদ্যালয়সমূহ পুনৰ মুকলিৰ বাবে কৌশল নিৰ্ণয় কৰিব লাগে বুলি মন্তব্য কৰিছে নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ্)ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়াই । তেওঁ কয় যে, এই ক্ষেত্ৰত আগ্ৰাসী মনোভাবেৰে কৌশল নিৰ্ণয়ৰ বাবে পদক্ষেপ ল’ব লাগে ।

ডাঃ গুলেৰীয়াই লগতে কয় যে, বিদ্যালয় এনে এক স্থান য’ত বিভিন্ন কাৰ্যকলাপৰ মাজেৰে ব্যক্তিৰ বিকাশ হয় । বিদ্যালয় বন্ধ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল ব্যাপকভাৱে ক্ষতিৰ সন্মুখীন হৈছে । বিশেষকৈ অনলাইন ক্লাছৰ সুবিধা বহন কৰিব নোৱৰা সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে বিদ্যালয় পুনৰ মুকলি হোৱাটো অতি প্ৰয়োজনীয় ।

‘ম‌ই ব্যক্তিগতভাৱে অনুভৱ কৰো যে বিদ্যালয়সমূহ পুনৰ মুকলিৰ বাবে আমি আগ্ৰাসী ৰূপত কাম কৰা উচিত, কিয়নো জ্ঞান আহৰণৰ ক্ষেত্ৰত ই তৰুণ প্ৰজন্মক প্ৰকৃতাৰ্থত ক্ষতিগ্ৰস্ত কৰিছে আৰু বিশেষকৈ অনলাইন ক্লাছ কৰিব নোৱৰা সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ক্ষতি কৰিছে ।’ এইদৰে কয় ডাঃ গুলেৰীয়াই ।

দেশজুৰি ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাবলৈ ধৰাত বিদ্যালয় পুনৰ মুকলিৰ বিষয়টো চৰ্চিত হৈছে । ছাত্ৰ-ছাত্ৰীসকল এতিয়া পুনৰ বিদ্যালয়ৰ পদূলিত ভৰি ল’ব পাৰিবনে ! এই প্ৰশ্নৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ । মঙলবাৰে কেন্দ্ৰ‌ই কয় যে বৃহৎ সংখ্যক লোকৰ টিকাকৰণ সম্পন্ন হোৱাৰ পাছত বিদ্যালয় পুনৰ মুকলি কৰিব পৰা যাব । বিগত বৰ্ষৰ মাৰ্চৰ পৰাই দেশজুৰি শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ আছে । অধিকাংশ ৰাজ্য‌ই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চত বিদ্যালয়ত শিক্ষাদান আৰম্ভ কৰিছিল যদিও কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ বাবে পুনৰ বন্ধ কৰিবলগীয়া হয় ।

‘বিদ্যালয়লৈ গৈ শিক্ষাগ্ৰহণ কৰাটো অতি উপযোগী কিয়নো ই একোজন ব্যক্তিৰ বিকাশত সহায় কৰে । ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মত বিনিময় হয় আৰু বিদ্যালয়ত অংশগ্ৰহণ কৰা অন্যান্য কাৰ্যকলাপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ নিৰ্মাণ হয় ।’ এইদৰে কয় ডাঃ গুলেৰীয়াই ।

বিদ্যালয়সমূহ পুনৰ মুকলিৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে তাৎক্ষণিক কোনো পৰিকল্পনা নাই যদিও মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ দৰে ৰাজ্য‌ই আংশিক পুনৰ মুকলিৰ বাবে সাজু হৈছে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগক এই সম্পৰ্কীয় সম্ভাৱনা চালি-জাৰি চাবলৈ নিৰ্দেশ দিছে । যিসমূহ গাঁৱত ক’ভিড সংক্ৰমণৰ ঘটনা নাই, সেইসমূহত দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ পুনৰ আগমনৰ বিষয়ে চাৰি-জালি চাবলৈ কৈছে ।

ইপিনে, তেলেংগানাৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এক জুলাইৰ পৰা অফলাইন শ্ৰেণী আৰম্ভ হ’ব । তেলেংগানা চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ প্ৰতিবেদন অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ৰাজ্যখনৰ কৰ্তৃত্বশীল পক্ষ‌ই সদৰী কৰিছে ।

Exit mobile version