ভাৰতীয় ষ্টেট বেংকৰ কলগাছিয়াৰ শাখা কাৰ্যালয়ৰ চাৰিজনৰ দেহত পোৱা গৈছে ক’ৰনাৰ অৱস্থিতি

সাত দিনৰ বাবে কনটেইনমেণ্ট জ'ন ঘোষণা, গ্ৰাহকৰ মাজত হাহাকাৰ

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰতীয় ষ্টেট বেংকৰ কলগাছিয়া শাখা কাৰ্যালয়ৰ চাৰিজনকৈ কৰ্মচাৰী ক’ৰনাত আক্ৰান্ত হোৱাত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ কলিতাই সাত দিনৰ বাবে কাৰ্যালয়টোক কন্টেইনমেণ্ট জ’ন বুলি ঘোষণা কৰে।

ফলত বেংক বন্ধ থকাত গ্ৰাহক সকলে বেংকৰ সন্মুখৰ পৰা উভতি যাবলগীয়া হৈছে। নিজৰ একাউন্টত জমা ৰখা ধনৰ লেনদেন কৰিবলৈ অহাৰ লগতে বহুতেই আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুনাদয়, জবকাৰ্ড, বৃদ্ধপেঞ্চন আদি টকা তুলিবলৈ।

কিন্তু হঠাতে অনিৰ্দিষ্টকাললৈ বেংক বন্ধ থকাৰ ঘটনাই বিপাঙত পেলাইছে গ্ৰাহক ৰাইজক। ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অতি শীঘ্ৰেই বেংকত ছেনিটাইজেচন কৰি বেংক খুলি দিবলৈ বৃহত্তৰ কলগাছিয়াৰ ৰাইজে দাবী উত্থাপন কৰিছে।

Exit mobile version