সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সহযোগত খাসীমাৰীত ক’ভিড- ১৯ সম্পৰ্কে সজাগতা সভা

WhatsApp Image 2021 06 25 at 5.47.32 PM

মহামাৰী কৰ’না ভাইৰাছৰ ২য় ঢৌৱে সংহাৰি ৰূপ ধাৰণ কৰাৰ পাছত প্ৰশাসনে বিভিন্ন ধৰণৰ নীতি নিয়ম ঘোষণা কৰাৰ লগতে বিভিন্ন দল সংগঠনৰ উদ্দোগত গাঁৱে গাঁৱে আৰম্ভ কৰিছে ক’ভিড- ১৯ পৰীক্ষা আৰু টিকাকৰণৰ ওপৰত সজাগতা সভা।

ইয়াৰ ব্যতিক্রম হোৱা নাই বিটিআৰৰ হাৰ্টলেণ্ড কোকৰাঝাৰ জিলাতো।আজি কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্দোগত আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সহযোগত খাসীমাৰী এল পি স্কুলত অনুষ্ঠিত হয় ক’ভিড -১৯ সম্পৰ্কে এখন সজাগতা সভা ।

উক্ত সজাগতা সভাত উপস্থিত থাকে ডিপিও জাহাঙ্গীৰ হুছেইন, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলাৰ সভাপতি শ্বেখ ছেলিম পাটগিৰি , সুত্রধৰ সন্মিলনীৰ বিষয়া বৰ্গৰ লগতে স্থানীয় ৰাইজ।

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলাৰ সভাপতি শ্বেখ ছেলিম পাটগিৰিয়ে ভাষন প্ৰসংগত কয় যে ,সকলো ৰাইজে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ক’ভিড পৰীক্ষা আৰু টিকাকৰণ লোৱাটো বাধ্যতামূলক। সকলোৱে যাতে এই ক্ষেত্রত আগবাঢ়ি আহে তাৰ বাবে আহ্বান জনায়।

Exit mobile version