শালবাৰী-শিমলা আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান, সাত লক্ষাধিক টকাৰ ড্ৰাগছসহ চাৰি ড্ৰাগছ সৰহবৰাহকাৰী আটক

ৰাজনৈতিক নেতাৰ পুত্ৰও পৰিল ধৰা

বাগসাৰ শালবাৰী মহকুমা আৰক্ষী আৰু শিমলা আৰক্ষীৰ অভিযানত বৃহস্পতিবাৰে নিশা তামুলপুৰ মহকুমাৰ কুমাৰীকাটা আৰু দৰঙামেলাৰ পৰা এজন ৰাজনৈতিক নেতাৰ পুত্ৰসহ ড্ৰাগছ ব্যৱসায়ৰ সতে জড়িত চাৰিজনকৈ যুৱকক আটক কৰা হয় ৷

আটকাধীন যুৱককেইজন হ’ল মোঃ আলীম উদ্দিন,থুলুংগা বসুমতাৰী,সঞ্জয় মুছাহাৰী আৰু মানস প্ৰতীম সত্যেন্দ্ৰ ৷ ইয়াৰে থুলুংগা বসুমতাৰী তামুলপুৰ সমষ্টিৰ পৰা বিপিএফ ত্যাগ কৰি নকৈ বিজেপিলৈ ঢাপলি মেলা ৰঞ্জা খুংগুৰ বসুমতাৰী ওৰফে ৰাম দাস নামৰ ৰাজনৈতিক নেতা গৰাকীৰ পুত্ৰ আৰু মোঃ আলীম উদ্দিন হ’ল ড্ৰাগছ ব্যৱসায়ৰ এই চক্ৰটোৰ মূল খলনায়ক ৷

আটকাধীন চাৰিওজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ,হেৰ’ইন,বহুকেইটা ড্ৰাগছভৰ্তি কণ্টেইনাৰ,সাতটা মোবাইল ফোনকে ধৰি বহু আপত্তিজনক সামগ্ৰীৰ লগতে এএছ ০১ ডি এছ ৭৮৩৩ নম্বৰৰ এখন আই ২০ বাহন, এএছ ১৪ জে ৪৬৫৮ নম্বৰৰ এখন বাইক, এএছ ২৫ এন ৭৩২২ নম্বৰৰ এখন স্কুটি সহ আন এখন নম্বৰপ্লেটবিহীন বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷

তথ্য অনুসৰি জব্দকৃত ড্ৰাগছৰ আনুমানিক মূল্য সাত লক্ষাধিক টকা ৷ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু শিমলা থানাৰ আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত তথা কুমাৰীকাটা আৰক্ষীৰ সহযোগত চলোৱা ড্ৰাগছ বিৰোধী এই অভিযান শালবাৰী মহকুমা আৰক্ষীৰ বাবে এক বৃহৎ সাফল্য বুলি বিবেচিত হৈছে ৷

আজি এই বিষয়ে সংবাদ মাধ্যমৰ আগত শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৱে কয়-ইতিমধ্যে শিমলা আৰক্ষী থানাত ৩৭/২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি এই অভিযানটোত প্ৰথমাৱস্থাত দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

তাৰ পাছৰ পৰাই পূৰ্ণ গতিত তদন্ত চলি আছিল৷সেই তথ্যৰ ভিত্তিতেই ২৪ জুনৰ নিশা বাগসাৰ কুমাৰীকাটা আৰু দৰঙামেলাৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত এই চাৰি যুৱকক আটক কৰা হয়৷সম্প্ৰতি আটকাধীন চাৰিওজন যুৱককে শিমলা থানাত অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখযোগ্য যে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে গোৱৰ্ধনা,শালবাৰী আৰু শিমলা আৰক্ষী থানাৰ অধীনত ৩০ জনতকৈ অধিক ড্ৰাগছ আৰু গাঞ্জা ব্যৱসায়ৰ স’তে জড়িত লোকক আটক কৰা হৈছে ৷

Exit mobile version