অক্সিজেন অডিট কমিটীৰ তথ্য পৰীক্ষণৰ প্রতিবেদনক লৈ উত্তপ্ত দিল্লীৰ ৰাজনীতি

প্রয়ােজনতকৈ চাৰিগুণ অধিক অক্সিজেন বিচাৰিছিল দিল্লী চৰকাৰে

oxygen 1200 2

দেশত অক্সিজেনৰ নাটনিৰ অভিযােগৰ খতিয়ান ল’বলৈ যােৱা মাহত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গ্ৰহণ কৰা হৈছিল এখন অক্সিজেন অডিট কমিটী।

মূলতঃ ক’ভিড পৰিস্থিতিত কিমান অক্সিজেনৰ প্ৰয়ােজন আৰু ৰাজ্যসমূহে কিমান অক্সিজেন বিচাৰিছিল সেই বিষয়ত তথ্য পৰীক্ষণৰ বাবে অডিট কমিটীক দায়িত্ব দিয়া হৈছে।

বিভিন্ন মহলত প্রকাশ পােৱা বাতৰি অনুসৰি, কমিটীখনে যুগুত কৰা প্রতিবেদনত অক্সিজেনৰ সন্দৰ্ভত কেতবােৰ চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে।

একাধিক মহলৰ দাবী অনুসৰি, অডিট প্রতিবেদনত উল্লেখ কৰা মতে, দিল্লীৰ অৰবিন্দ কেজৰিৱালৰ চৰকাৰে ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত ৰাজ্যখনত প্ৰয়ােজনতকৈ চাৰিগুণ অধিক অক্সিজেনৰ দাবী জনাইছিল আৰু এয়া নিয়ম বিৰুদ্ধ কার্য আছিল।

অন্তৱর্তী প্রতিবেদনত উল্লেখ কৰা মতে, দিল্লী চৰকাৰে ১,১৪০ মেট্রিকটন অক্সিজেন বিচাৰিছিল। কিন্তু ৰাজ্যখনত প্রতি শয্যাৰ হিচাপত প্রয়ােজন আছিল মাত্র ২৮৯ মেট্রিকটন অক্সিজেনৰ। অর্থাৎ চাৰিগুণৰাে অধিক অক্সিজেন ৰাজ্যখনৰ চৰকাৰে দাবী কৰিছিল।

দিল্লী চৰকাৰে অতিৰিক্ত চিলিণ্ডাৰ মজুত ৰখাৰ অপচেষ্টা চলাইছিল বুলিও অভিযােগ উত্থাপিত হৈছে। এই অভিযােগৰ সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্রী মনীষ ছিছ’ডিয়াই কয়, ‘এক তথাকথিত প্রতিবেদনৰ কথা শুনিবলৈ পােৱা গৈছে, যত অক্সিজেনৰ চাহিদাৰ কথা কোৱা হৈছে।

এই ধৰণৰ কোনাে প্রতিবেদন এতিয়ালৈকে প্ৰকাশ পােৱা নাই বিজেপিয়ে মিছা মাতিছে। অক্সিজেন অডিট কমিটীৰ সদস্যক আমি এই বিষয়ে সুধিছাে, তেওঁলােকে এনে কোনাে প্রতিবেদনত স্বাক্ষৰ কৰা নাই বুলি আমাক জানিবলৈ দিছে।

তেন্তে এই প্রতিবেদন কোনে যুগুত কৰিলে ? বিজেপিক আমি প্রত্যাহ্বান জনালাে তেওঁলােকে কমিটীৰ অনুমােদিত প্রতিবেদন আমাক প্রদর্শন কৰক। বিজেপিয়ে নিজে ভুৱা প্রতিবেদন যুগুত কৰি অক্সিজেন অডিট কমিটীৰ নামত অপপ্ৰচাৰ চলাইছে।

Exit mobile version