অৰুণাচল সীমান্ত চুই খৰতকীয়াকৈ চীনে আৰম্ভ কৰিলে বুলেট ৰেল

524pqmng sichuantibet railway

অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সংলগ্ন অঞ্চলত দ্ৰুত আন্তঃগাথঁনি নিৰ্মাণ কৰিছে ৰঙা চীনে । ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ লক্ষ্যৰেই ঘাইপথৰ সমান্তৰালভাৱে এইবাৰ ৰেলপথৰ উন্নয়নৰ দিশলৈ দৃষ্টি দিছে বেইজিঙে । এইবাৰ অৰুণাচলৰ গাতে গা লগাই তিব্বতৰ লাছাত চলিব বুলেট ট্ৰেইন । তাৰে প্ৰথম পদক্ষেপৰূপে চীনে হিমালয়ৰ পাদদেশৰ তিব্বতৰ প্ৰভিনচিয়েল কেপিটেল লাছা আৰু নিংচিৰ মাজত প্ৰথমখন বুলেট ৰেলৰ চলাচল আৰম্ভ কৰে ।

উল্লেখ্য যে অৰুণাচল সীমান্তৰ পৰা নিংচিৰ দূৰত্ব মাত্ৰ ৫০ কিলোমিটাৰ । অৰ্থাৎ ভাৰতৰ কান্ধৰ ওপৰতেই এই ৰেলপথ নিৰ্মিত হৈছে । যাত্ৰীবাহী সেৱাৰ বাবে এই আন্তঃগাথঁনি নিৰ্মাণ কৰা বুলি চীনে দাবী কৰিলেও ইয়াক লৈ উদ্বিগ্ন ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞ । সন্দেহ কৰা হৈছে লাছা-নিংচি বুলেট ট্ৰেইন চলাচলৰ লগে লগে মুহূৰ্তৰ নিৰ্দেশত অৰুণাচল সীমান্তত সেনা প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব ৰঙা চীন । যুদ্ধৰ পৰিস্থিতিত ভাৰতীয় সেনাৰ প্ৰতিৰক্ষা সমীকৰণত আউল লগাই বুলেট ৰেলৰ সহায়ত তিব্বতৰ পৰা বিশাল সেনা দল চীনে প্ৰেৰণ কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে বিশেষজ্ঞ‌ই ।

অহা এক জুলাইত চীনৰ শাসকীয় কমিউনিষ্ট পাৰ্টি অৱ চাইনাৰ এশ বছৰ পূৰ্ণ হ’ব । ছিচুৱান তিব্বত ৰেলৱেৰ ৪৩৫.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ লিছা-নিংচি ৰেলপথত মুকলি কৰা হ’ল বুলেট ৰেলৰ চলাচল । প্ৰসংগত উল্লেখ্য যে ছিচুৱান-তিব্বত ৰেলৱে এই অঞ্চলৰ দ্বিতীয় ৰেলপথ । ইয়াৰ পূৰ্বে এই অঞ্চলৰ কুইনঘাই-তিব্বত ৰেলৱে আৰম্ভ কৰিছিল বেইজিঙে ।

বিগত বৰ্ষৰ নৱেম্বৰত এই ছিচুৱান-তিব্বত ৰেলৱেৰ উদ্বোধন কৰিছিল চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে । তাৰ পাছতে দ্ৰুতগতিত কাম আৰম্ভ হয় । কিছুমাহৰ ভিতৰত সক্ৰিয় হৈ পৰিল ৰেলপথ । বিগত বৰ্ষৰ নৱেম্বৰত জিনপিঙে নতুন ৰেল প্ৰকল্পৰ কাম খৰতকীয়া কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে । ছিচুৱান প্ৰদেশ আৰু তিব্বতৰ নিংচি সংযোগকাৰী এই নতুন ৰেললাইনে সীমান্তৰ সুস্থিৰতাক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলিও জিনপিঙে কয় । ছিচুৱান-তিব্বত ৰেলপথ আৰম্ভ হৈছে ছিচুৱানৰ চেংডু প্ৰদেশত ।

Exit mobile version