এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে অসম অৰক্ষী নহয়, ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামিল সচেতন ৰাইজ

ৰাইজে খেদি খেদি আটক কৰিলে তিনি ড্ৰাগছ সৰবৰাহকাৰী যুৱকক

তথ্য অনুসৰি গৰৈমাৰীৰ কাণহাৰা গাঁৱত দীৰ্ঘদিনৰে পৰা একাংশ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীয়ে টিঘিলঘিলাই আছিল ৷ ড্ৰাগছ সেৱানকাৰীৰ উদ্ভণ্ডালিত কাণহাৰা গাঁৱৰ ৰাইজ অতিষ্ঠ হৈ শনিবাৰে স্থানীয় ৰাইজে আৰক্ষী অবিহনেই আৰম্ভ কৰে অভিযান ৷

ৰাইজৰ অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে এজন ড্ৰাগছ আসক্তক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত ড্ৰাগছ সৰবৰাহী যুৱক দুজন হৈছে ছয়গাঁৱৰ জাহিপুৰ গাঁৱৰ ইজাজ উদ্দিন আলী আৰু ছাইদুৰ আলী ৷ আনহাতে ৰাইজে ড্ৰাগছ সেৱনকাৰী নৌশাদ আলীক আটক কৰিবলৈ সক্ষম হয় ৷

ড্ৰাগছ ব্যৱসায়ী যুৱক দুজনৰ পৰা তিনিটাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হৈছে৷ স্থানীয় ৰাইজে ড্ৰাগছ ব্যৱসায়ী যুৱক তিনিটাক ৰচিৰে গছত বান্ধি ৰাখি স্থানীয় গৰৈমাৰী আৰক্ষীক খবৰ দিয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক তিনিজনক ৰাইজৰ পৰা চমজি লয়৷ ঘটনা সন্দৰ্ভত গৰৈমাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version