চিৰাঙৰ চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী‌ ক’ভিড আক্ৰান্ত

৩১ নং চিদলী (জনজাতীয়) বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু তেওঁৰ ব্যাক্তিগত সচিব কনোজ গয়াৰীৰ শৰীৰত ক’ভিড-১৯ৰ উপস্থিতি পোৱা গৈছে । আজি দুপৰীয়া চিৰাং জিলা সদৰ কাজলগাঁও জেএছবি অসামৰিক চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰাত ধৰা পৰে বিধায়কজনৰ ক’ভিড ।

সম্প্ৰতি বিধায়ক বসুমতাৰী সুস্থ হৈ আছে । হোম আইছ’লেচনত থকা বুলি জানিব দিছে বিধায়কজনে । দুপালি প্ৰতিষেধক লোৱাৰ পাছতো বিধায়কজন ক’ভিডত আক্ৰান্ত হৈছে । বিধায়কজন চৰ্দি-জ্বৰত আক্ৰান্ত হোৱাৰ বাবে সপৰিয়ালে চিকিৎসালয়লৈ আহিছিল ক’ভিড পৰীক্ষাৰ বাবে । একে ঘৰতে থকা বিধাকয়জনৰ খুলশালিয়েক ছবিতা বসুমতাৰীও ক’ভিডত আক্ৰান্ত হৈছে ।

চিকিৎসকে জানিব দিয়া মতে সম্প্ৰতি সুস্থ অৱস্থাতে আছে বিধায়কজনৰ লগতে আন দুজনো ।

Exit mobile version