মহামাৰী ক’ৰনাৰ বাবে কৰ্ম সংস্থাপন হেৰুৱা একাংশ‌ই বতৰৰ ফল জাম বিক্ৰী কৰি চলাইছে নিজৰ জীৱন জীৱিকা

প্ৰখৰ ৰʼদকো নেওচি একাংশ ব্ৰতী হৈছে নিজৰ জীৱন সংগ্ৰামত

মহামাৰী কʼৰনাৰ বাবে বহু লোকেই হেৰুৱাইছে নিজৰ কৰ্ম সংস্থাপন । কৰ্ম সংস্থাপন হেৰুৱাই বিভিন্ন প্ৰকাৰে নিজৰ পৰিয়ালক পোহ পাল দিয়াৰ বাবেই চেষ্টা কৰিছে তেওঁলোকে ।

বজালীৰ ভৱানীপুৰত এদল যুৱকে জাম বিক্ৰী কৰি মুকলাইছে উপাৰ্জনৰ পথ । প্ৰখৰ ৰʼদ, এই ৰʼদকো নেওচি ভৱানীপুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত গ্ৰাহকৰ অপেক্ষাত ৰৈ থাকে শিশু তথা যুৱক সকল ।

বতৰৰ ফল জাম বিক্ৰী কৰি আৰ্থিক উপাৰ্জনৰ পথ মুকলাইছে তেওঁলোকে । ইয়াৰ বহুতেই অতিমাৰী কʼৰনাৰ বাবেই হেৰুৱাইছে নিজৰ কৰ্ম সংস্থাপন । কʼৰনাৰ এই সময়ছোৱাতে আৰ্থিক ভাবে বিধ্বস্ত হৈ পৰিছে বহু পৰিয়াল ।

এসাঁজ খাই এসাঁজৰ বাবে চিন্তা কৰিব লʼগা হৈছে বহুতেই । আৰু তাৰ পাছত নিজৰ ভাত মুঠি মুকলি কৰিবলৈ বা নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ প্ৰখৰ ৰʼদকো নে‌ওচি ৰাজপথত বিক্ৰী কৰি গৈছে বতৰৰ ফল জাম ।

ৰাজপথেৰে অহা যোৱা গাড়ী সমূহলৈ চাই ৰৈছে এওঁলোকে কিয়নো কোনোবা গ্ৰাহকে আহি ক্ৰয় কৰিব এওঁলোকৰ এই জাম আৰু যাৰবাবেই উপাৰ্জন কৰিব পাৰিব কিছু টকা। আৰু সেই টকাৰেই পোহপাল দিব নিজৰ পৰিয়ালকূ ।

তাৰেই আশাৰেই পুৱাৰ পৰাই এই প্ৰখৰ ৰʼদত থিয় হৈ আছে এওঁলোক । প্ৰতিটো টোপোলা দহ টকাকৈ বিক্ৰী কৰি প্ৰতিদিনেই ২০০ পৰা ৩০০ টকা উপাৰ্জন কৰে এওঁলোকে কিন্তু প্ৰশ্ন হৈছে কিমান দিনলৈ এনেদৰে জাম বিক্ৰী কৰি নিজৰ পৰিয়ালক পোহপাল দিব পাৰিব তেওঁলোকে ।

নিজৰ কৰ্ম সংস্থাপন হেৰুৱাই নিজৰ ঠাইলৈ উভতি অহা লক্ষ লক্ষ যুৱক যুৱতী সকলৰ সংস্থাপনৰ বাবে চৰকাৰে কিবা ব্যবস্থা গ্ৰহণ কৰিবলৈ সক্ষম হʼব নে ? এইয়াই হৈছে এক ডাঙৰ প্ৰশ্ন ।

Exit mobile version