মাদক দ্রব্য বৰ্জনৰ ওপৰত সজাগতা সভা ফকিৰাগ্ৰাম থানাত

WhatsApp Image 2021 06 26 at 1.46.03 PM

সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামত ফকিৰাগ্ৰাম আৰক্ষীৰ উদ্যোগত লগতে কল্পজোতি ফাউন্ডেশন, ৰবিন হুড আৰ্মী আৰু স্বাগত এনজিঅ’ৰ সহযোগত আজি মাদক দ্রব্য বৰ্জনৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহা, শক্তিআশ্ৰম স্বামী যোগানন্দগিৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পৰেশ চন্দ্র ৰায়, ৰাষ্ট্ৰপতি পুৰষ্কাৰ প্ৰাপ্ত শিক্ষক কৃষ্ণ চন্দ্র নাথ, কল্পজোতি ফাউন্ডেশন,ৰবিন হুড আৰ্মী আৰু স্বাগত এনজিও ৰ ফকিৰাগ্ৰাম শাখাৰ কৰ্মকৰ্তাসকল।

উক্ত সজাগতা সভাত ভাষণ প্ৰসংগত ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সাহাই কয় যে, মাদক দ্ৰব্যৰ ক্ষেত্রত সকলোৱে সজাগতা অৱলম্বন কৰিব লাগিব। যিকোনো নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব। যদি কোনোবাই ব্যৱসায় কৰি আছে তাৰ খবৰ আৰক্ষীক দিয়া লোকজনৰ পৰিচয় গোপনে ৰখা হ’ব বুলিও সদৰী কৰে অজয় সাহাই ।

Exit mobile version