শিশুক ৰক্ষা কৰিবলৈ সাৱধান হ‌ওক অভিভাৱক, কৰ’না মহামাৰীৰ তৃতীয় ঢৌ

b480286b 12c5 4969 98b9 b1f4b622791a

কৰ’না মহামাৰীৰ তৃতীয় ঢৌত শিশুসকল সহজেই সংক্ৰমণৰ চিকাৰ হ’ব বুলি সাম্প্ৰতিক সময়ত যি সৰৱ চৰ্চা চলি আছে তাক লৈ ৰাজ্যৰ, বিশেষকৈ পিতৃ-মাতৃসকল চিন্তিত হৈ পৰিছে । ইতিমধ্যে ৰাজ্যৰ কে’বাখনো জিলাৰ পৰা অহা শিশুৰ বৰ্ধিত সংক্ৰমণৰ খবৰে আৰু অধিক উদ্বেগৰ সৃষ্টি কৰিছে । অৱশ্যে এনে খবৰৰ ভিত্তিত ৰাজ্যৰ জনসাধাৰণক শংকিত নহ’বলৈ আহ্বান জনাই স্বাস্থ্য বিভাগে কয় যে কেৱল শিশুৰ সংক্ৰমণক লৈ আছুতীয়াকৈ আতংকিত হোৱাৰ কাৰণ নাই যদিও প্ৰত্যেকজন সন্তানৰ পিতৃ-মাতৃয়ে শিশুসকলক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ হ’লে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণন এছ-এ ‘দৈনিক অগ্ৰদূত’ক এই সন্দৰ্ভত কয়, ‘আমাৰ হাতত যিখিনি তথ্য মজুত আছে এইফালৰ পৰা চাবলৈ গ’লে শিশুৰ সংক্ৰমণৰ হাৰ বেছি বুলি ক’ব নোৱাৰি । সংক্ৰমণৰ হাৰ সকলো বয়সৰ লোকৰ মাজত কম-বেছি পৰিমাণে একেই । এগৰাকী ব্যক্তি কৰ’নাত সংক্ৰমণ হ’লে শিশুৰ সংক্ৰমণৰ হাৰ যিমান, এহেজাৰগৰাকী ব্যক্তি সংক্ৰমণ হ’লেও এই অনুপাতে শিশুৰ সংক্ৰমণৰ হাৰ একেই ।’

তৎস্বত্তেও প্ৰতিগৰাকী পিতৃ-মাতৃক তলাবন্ধৰ নীতি-নিয়ম মানি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় লক্ষ্মণন এছ-এ কয়, ‘এতিয়ালৈকে তথ্য‌ই আমাক যিখিনি অভিজ্ঞতা দিছে এই হিচাপে ক’বলৈ গ’লে ৪০ৰ পৰা ৬০ বছৰ বয়সৰ ব্যক্তিৰ ‌মাজত সংক্ৰমণৰ হাৰ আটাইতকৈ বেছি । ৪০ৰ পৰা ৬০ বছৰ বয়সৰ ব্যক্তিৰ ‌মাজত সংক্ৰমণৰ হাৰ ৬৫ শতাংশ । আমি মন কৰিব লাগিব, এই ৪০ৰ পৰা ৬০ বছৰ বয়সৰ লোকসকলেই আমাৰ শিশুসকলৰ পিতৃ-মাতৃ । গতিকে আমি পিতৃ-মাতৃসকলক পুনৰ সোঁৱৰাই দিছো, এতিয়া মহামাৰীৰ ফলত ছবিগৃহ, পিৰ্ক , ছুইমিং পুল, জিমনাছিয়াম, বাৰ, মল, হোটেল, ৰেস্তোৰাঁ সকলো বন্ধ‌ই আছে । তাৰ মাজতো যদি শিশুসকল সংক্ৰমিত হয় তেন্তে পিতৃ-মাতৃ বা ঘৰৰ পৰিয়ালৰ আন সদস্যৰ পৰাই হ’ব লাগিব । এয়া যাতে নহয়, তাৰ বাবে সাৱধানতাৰ কোনো বিকল্প নাই । কিয়নো পিতৃ-মাতৃৰ সহায় নহ’লে, শিশুসকল নিজাকৈ ঘৰৰ বাহিৰত যোৱাৰ থ’ল নাথাকে ।’

বিশেষকৈ, সংক্ৰমণ হৈ ঘৰত আছুতীয়াকৈ থকা সময়খিনিত শিশুসকলক অধিক সাৱধানতাৰে ৰোগীৰ পৰা সুৰক্ষিত পৰিৱেশত ৰাখিবলৈ মিছন সঞ্চালক ডাঃ লক্ষ্মণনে আহ্বান জনায় ।

নগাঁও জিলাত কিছুসংখ্যক শিশুৰ মাজত সংক্ৰমণ হৈছে যদিও বিশেষ ভয় কৰিবলগীয়া একো নাই বুলি দাবী কৰি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে কয়, ‘যোৱা বছৰৰ তুলনাত দুই-এটা ‘কেছ’ বাঢ়িছে যদিও শিশুৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ যথেষ্ট কম । বিশেষকৈ কেঁচুৱাক গাখীৰ খুৱাই থকা মহিলাসকল ভাইৰাছবিধৰ বাহক হিচাপে দেখা পোৱা গৈছে । উপায়ো নাথাকে, সংক্ৰমণ হ’লেও তিনি-চাৰি মহীয়া কেঁচুৱাক মাকে গাখীৰ খুৱাব‌ই লাগিব । অৱশ্যে এতিয়াও শিশুৰ সংক্ৰমণৰ হাৰ অস্বাভাৱিক নহয় । তাক লৈ আতংকিত হোৱাৰ কোনো যুক্তি নাই ।’

ধুবুৰী জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ইমদাদ উল্লাই কয়, ‘নামনি অসমৰ, বিশেষকৈ ধুবুৰী জিলাত শিশুৰ সংক্ৰমণৰ হাৰ একেবাৰে নগন্য বুলি ক’লেও ভুল নহ’ব । এতিয়ালৈকে জিলাখনত কাচিৎহে ক’ৰবাত দুই-এটা শিশু আক্ৰান্ত হৈছে । আমি দৃঢ় বিশ্বাসী শিশুসকল বিশেষ কোনো দুৰ্যোগৰ সন্মুখীন নহ’ব ।’

সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক সংহাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণক দ্বিতীয় ঢৌ, তৃতীয় ঢৌ আদিত পাৰ্থক্য নাৰাখি অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই ৰাজধানী কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গণেশ শ‌ইকীয়াই কয়, ‘মহামাৰীৰ কোনো দ্বিতীয় ঢৌ বা তৃতীয় ঢৌ বুলি নাই । কোনোবা ঢৌত জ্যেষ্ঠসকল আৰু কোনোবাটো ঢৌ কেৱল শিশুসকলৰ কাৰণে বিপজ্জনক তেনে নহয় । সাৱধানতা অৱলম্বন নকৰিলে সকলো বয়সৰ লোকৰ বাবে ভাইৰাছবিধ অত্যন্ত বিপজ্জনক ।’

পিতৃ-মাতৃসকলক আহ্বান জনাই শ‌ইকীয়াই কয়, ‘শিশুসকল বজাৰলৈ নাযায়, যায় পিতৃ-মাতৃ বা ঘৰৰ আন সদস্যসকলহে । গতিকে বজাৰ কৰিবলৈ যোৱা, কৰ্মস্থলীলৈ যোৱা, আন কাৰোবাৰ ঘৰলৈ যোৱা আদি সকলো সময়তে প্ৰাপ্তবয়স্কসকলে সাৱধান হ’ব লাগিব । অকণমান অসাৱধানতাই বিপদ মাতিব পাৰে । ভাইৰাছবিধে সৰু-ডাঙৰ বুলি কাকো দয়াৰ দৃষ্টিৰে নাচায় । ভাইৰাছবিধ সংক্ৰামক যেতিয়া সাৱধানতাই একমাত্ৰ উপায় ।’

উল্লেখ্য যে নগাঁও চহৰৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ মহিলা ক’ভিড কেয়াৰ চেণ্টাৰত বহুকেইটি শিশু ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হয় বুলি এটা সূত্ৰ‌ই দাবী কৰিছে । বৰ্তমান মহাবিদ্যালয়খনৰ ক’ভিড কেয়াৰ চেণ্টাৰত ১০ গৰাকী শিশু ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আহিছে । চিকিৎসাধীন শিশু সকলৰ বয়স দুই বছৰৰ পৰা ১২ বছৰৰ ভিতৰত । সূত্ৰটোৱে দাবী কৰা মতে ইতিমধ্যে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ২১ গৰাকী শিশু সুস্থ হৈ ঘৰলৈ উভতি গৈছে ।

Exit mobile version