শিশুসকলৰ ওপৰত ইন্দো-আমেৰিকান প্ৰতিষেধক ক’ভাভেক্স ট্ৰায়েলৰ আবেদন জনাব ছেৰামে

1621339171 5645

শিশুৰ প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে ড্ৰাগ কণ্ট্ৰ’লাৰ এণ্ড জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই)ক আবেদন কৰিব ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছ‌আইআই)য়ে ।

আমেৰিকাৰ ন’ভাভেক্স সংস্থাই শিশুসকলৰ বাবে প্ৰস্তুত কৰা ‘ক’ভাভেক্স’ প্ৰস্তুত কৰিছে ছেৰামে । ক’ভিশ্বিল্ডৰ পাছত এই প্ৰতিষেধক প্ৰস্তুত কৰিছে ছেৰামে ।

সংস্থাৰ চিইঅ’ আদৰ পুনাৱালাই এই প্ৰতিষেধকক লৈ অতি উৎসাহ আৰু আশা প্ৰকাশ কৰিছে । তেওঁ কয়, ‘এক নতুন মাইলৰ খুতি পুতিলে । আগন্তুক সপ্তাহত পুণেত ক’ভাভেক্সৰ প্ৰথম বেচ্ তৈয়াৰ কৰা হ’ব । কল্পনা কৰিয়ে ভাল লাগিছে যে আমাৰ সংস্থাই শিশুসকলৰ বাবে প্ৰতিষেধক প্ৰস্তুত কৰিব ।’

পুনাৱালাই দাবী কৰে যে, শিশুসকলৰ বাবে প্ৰস্তুত কৰা প্ৰতিষেধকবিধৰ প্ৰতিৰোধ ক্ষমতা বহু বেছি । যিয়ে ১৮ বছৰ বয়সৰ অনুৰ্ধ্ব সকলক সুৰক্ষিত কৰি ৰাখিব । প্ৰতিষেধকৰ পৰীক্ষণো আৰম্ভ হৈছে । ছেৰামে কয়, ১২ৰ পৰা ১৮ বছৰ বয়সৰ সকলৰ বাবে প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েলৰ আবেদন জনোৱা হ’ব ।

Exit mobile version