ভাওৰাগুৰী উপ আৰক্ষী চকীৰ উদ্যোগত বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন

WhatsApp Image 2021 06 26 at 6.13.12 PM

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি ভাওৰাগুৰীতো ভাওৰাগুৰীৰ উপ আৰক্ষী চকীৰ উদ্যোগত বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়

ভাওৰাগুৰী উপ আৰক্ষী চকীৰ কৰ্তব্যৰত আৰক্ষী বিষয়া-জোৱানৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা সকলক লৈ ড্ৰাগছ বিৰোধী সমদল উলিয়ায় ৷

ভাওৰাগুৰী উপ আৰক্ষী চকীৰ পৰা উলিওৱা সমদল সমগ্ৰ চহৰ পৰিভ্ৰমন কৰি ৰাইজক সজাগ কৰে। ভাওৰাগুৰি উপ আৰক্ষী চকীৰ ভাৰপাপ্ত বিষয়া দেবৰাজ কলিতাৰ তত্বাৱধানত ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি সজাগতা সভাৰ আয়োজন কৰে।

উক্ত সভাত বিভিন্ন দল সংগঠনৰ নেতা, ভাওৰাগুৰীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, ভাওৰাগুৰী বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ:অধক্ষ্য, ভাওৰাগুৰী ভিচিডিচিৰ চেয়াৰমেন, উপ আৰক্ষী চকীটোৰ অন্তৰ্গত ভিডিপিৰ সভাপতি সম্পাদকৰ লগতে স্থানীয় বুদ্ধিজীৱী লোক উপস্থিত থাকে।এখন ড্ৰাগছ মুক্ত সুস্থ সমাজ গঢ়িবলৈ আৰক্ষীক সকলোকে সহায় কৰিবলৈ আহ্বান জনায় দেবৰাজ কলিতায়।

Exit mobile version