অসম নাগালেণ্ড সীমান্ত পূৰণা লাহৰীজানত গাঞ্জাসহ দুজনক আটক

বোকাজান মহকুমাৰ ডিলাই থানাৰ অন্তৰ্গত পূৰণা লাহৰিজানৰ সীমান্ত তহলদাৰী চকীৰ এচ আই মনোজল গগৈৰ নেতৃত্বত হোৱা আৰক্ষীৰ বিশেষ তালাচীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

গাঞ্জাসমূহ এখন ১১০৯ ট্ৰাকত মণিপুৰৰ পৰা লৈ অহা হৈছিল । ট্ৰাকখনৰ নম্বৰ আছিল AS 01KC-9163 । ট্ৰাকখনৰ চালকৰ লগতে আন এজনকো আৰক্ষীয়ে আটক কৰিছে । আটকাধীন চালক জন হৈছে মনিপুৰৰ ৰাজেশ্বৰ সিং আৰু আনজন মণিপুৰৰে টনাবাম টাচকেন ।

বৰ্তমান আৰক্ষীয়ে আটকাধীন ধৃত লোকদুজনক জেৰা অব্যাহত ৰাখিছে।আৰক্ষীৰ প্ৰাথমিক তদন্ত পোহৰলৈ আহিছে যে গাঞ্জা সমুহ মণিপুৰৰ পৰা হোজাই লৈ বুলি লৈ অনা হৈছিল।

চি আই ভূপেন কলিতাৰ উপস্থিতিত গাঞ্জাসমূহ জব্দ কৰে লাহৰীজান সীমান্ত তহলদাৰী চকীৰ আৰক্ষীয়ে।

Exit mobile version