দোতমাত এবছুৰ উদ্যোগত ক’ভিড-১৯ সম্পৰ্কে সজাগতা সভা

WhatsApp Image 2021 06 27 at 7.01.57 PM

মহামাৰী কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱে সংহাৰি ৰূপ ধাৰণ কৰাৰ পাছত প্ৰশাসনে বিভিন্ন ধৰণৰ নীতি নিয়ম ঘোষণা কৰাৰ লগতে বিভিন্ন দল সংগঠনৰ উদ্দোগত গাঁৱে গাঁৱে আৰম্ভ কৰিছে ক’ভিড পৰীক্ষা আৰু টিকাকৰণ ওপৰত সজাগতা সভা।

ইয়াৰ ব্যতিক্রম হোৱা নাই বিটিআৰৰ হাৰ্টলেণ্ড কোকৰাঝাৰ জিলাতো।আজি কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্দোগত আৰু দোতমা আঞ্চলিক এবছুৰ সহযোগত দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’ভিড- ১৯ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়।

উক্ত সজাগতা সভাত উপস্থিত থাকে এবছুৰ কোকৰাঝাৰ জিলাৰ উপ সভাপতি সমদম ব্ৰহ্ম, নিৰঞ্জন বসুমতাৰী, এবছুৰ দোতমা আঞ্চলিকৰ সভাপতি সঞ্জীব ব্ৰহ্ম লগতে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনৰ বিষয়া কৰ্মচাৰীসকল।

এবছুৰ কোকৰাঝাৰ জিলাৰ উপ সভাপতি সমদম ব্ৰহ্মই ভাষন প্ৰসংগত কয় যে সকলো ৰাইজে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ক’ভিড পৰীক্ষা আৰু টিকাকৰণ লোৱাটো বাধ্যতামূলক। সকলোৱে যাতে এই ক্ষেত্রত আগবাঢ়ি আহে তাৰ বাবে আহ্বান জনায়।

Exit mobile version