নিৰ্দ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰক ! মোৰ মাতৃ আৰু ম‌ইয়ো গ্ৰহণ কৰিছো, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

টিকাকৰণৰ সন্দৰ্ভত পুনৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মাহৰ শেষ দেওবাৰৰ ‘মন কি বাত’ অনুষ্ঠানত দেশৰ মানুহক প্ৰতিষেধক গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয়, ‘ম‌ই আপোনালোক সকলোকে কৈছো, বিজ্ঞানক বিশ্বাস কৰক । আমাৰ বৈজ্ঞানিকসকলকো বিশ্বাস কৰক । দেশৰ প্ৰচুৰ লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে । প্ৰতিষেধকক লৈ নেতিবাচক উৰাবাতৰি প্ৰচাৰ হৈছে, তাত গুৰুত্ব নিদিব ।’

দেশৰ টিকাকৰণৰ অগ্ৰগতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘২১ জুনত দেশত ৮৬ লাখৰো অধিক লোকক বিনামূলীয়া প্ৰতিষেধক দি অভিলেখ গঢ়িছে । এবছৰ আগত প্ৰশ্ন কৰা হৈছিল ‘কেতিয়া প্ৰতিষেধক আহিব ?’ আজি আমি দেশত বিনামূলীয়া প্ৰতিষেধক দিবলৈ সক্ষম হৈছো । ‘

ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যপ্ৰদেশৰ বেতুল জিলাৰ এজন গাঁওবাসীৰ স’তে ফোনত কথা পাতে । ব্যক্তিজনে প্ৰধানমন্ত্ৰীক জনায়, বহুতেই দাবী কৰিছে, কৰ’না প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত মৃত্যু হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ওলোটাই প্ৰশ্ন কৰে, ‘আপুনি প্ৰতিষেধকে গ্ৰহণ কৰিছে নে ?’ ব্যক্তিজনে জনায় যে, তেওঁ প্ৰতিষেধক গ্ৰহণ কৰা নাই । প্ৰতিষেধক গ্ৰহণ কৰাৰ বিষয়ত তেওঁৰ শংসয় আছে । ইয়াৰ পাছত সংশ্লিষ্ট ব্যক্তিজনক প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিভ্ৰান্ত নহ’বলৈ কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰতিষেধকৰ বিষয়ত আস্বস্ত কৰিবৰ বাবে নিজৰ মাতৃৰ উদাহৰণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মোৰ বৃদ্ধা মাতৃয়ে প্ৰতিষেধকৰ দুটা ড’জেই গ্ৰহণ কৰিছে । ম‌ইয়ো লৈছো । যিয়ে বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে, তেওঁলোকক যি ইচ্ছা কৰিবলৈ দিয়ক । প্ৰতিষেধক গ্ৰহণ কৰিলে আৰু ক’ভিড বিধি মানি চলিলেই কৰ’নাৰ বিৰুদ্ধে যুঁজ সহজ হৈ পৰিব ।’

প্ৰধানমন্ত্ৰীগৰাকী মন্তব্য, ‘দয়া কৰি ভয় নাখায় ওলাই আহক । প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত কেতিয়াবা জ্বৰ উঠিব পাৰে । সেইটো মাত্ৰ কেইঘন্টামানৰ বাবেহে থাকে । প্ৰতিষেধক গ্ৰহণ নকৰি আপুনি নিজৰ লগতে পৰিয়ালকো বিপদৰ মুখত পেলাইছে ।’

Exit mobile version