পহিলা জুলাইৰ পৰা সলনি হ’ব বেংকৰ এইবােৰ নিয়ম

banks story 647 062515054343

বেংক বা এটিএমলৈ গৈ গােটেই মাহটোৰ বাবে প্রয়ােজন হােৱা টকাকেইটা হিচাপত উলিয়াই অনাৰ পাছতাে আজি ইটো, কাইলৈ সিটো কিনােতে পাছত বাজেট মিলাব নােৱাৰা হৈ মাজতে আৰু যে কিমানবাৰ এটিএমলৈ দৌৰিবলগীয়াত পৰে নহয়নে বাৰু ! কম বেছি পৰিমাণে এয়া সকলাে মধ্যবিত্ত পৰিয়ালৰে নৈমিত্তিক কামৰ ভিতৰতে পৰে। বেংক বা এটিএমৰ স’তে জড়িত কেতবােৰ নিয়ম সলনি হলে সেয়ে তাক জানি থােৱাটো আমাৰ বাবে খুবেই প্রয়ােজন।

অহা পহিলা জুলাইৰ পৰা আমাৰ দেশৰ বেংকিং ব্যৱস্থাত দুটামান বিশেষ পৰিৱৰ্তন আহিব। সেই সমূহৰ বিষয়ে যদি আগতীয়াকৈ জানি নথয়, পাছত হুৰমূৰকৈ বেংক বা এটিএমলৈ ধন উলিয়াবলৈ গৈ অসুবিধাত পৰিব পাৰে। আনকি অতিৰিক্ত জৰিমনা পর্যন্ত ভৰিব লগা হ’ব পাৰে। জানাে আহকচোন..

এটিএমৰ খৰচ

বৃদ্ধি পাব বেংকৰ পৰা টকা উলিওৱাৰ খৰচ। বেংকৰ শাখালৈ গৈ বা এটিএমৰ পৰা টকা উলিওৱাৰ নিয়মত কিছু পৰিৱৰ্তন অনাৰ যাে-জা চলাইছে। ভাৰতীয় ষ্টেট বেংকে। মূলতঃ সাধাৰণ জমা একাউন্ট থকা গ্রাহকসকলৰ বাবে এই পৰিৱর্তিত নিয়ম প্রযােজ্য হ’ব। অর্থাৎ যিসকল গ্রাহকৰ শূন্য বেঞ্চে একাউন্ট আছে তেওঁলােকৰ টকা উলিওৱাৰ নিয়মতহে এই পৰিৱৰ্তন অনা হৈছে। এই নতুন নিয়ম কার্যকৰী হ’ব অহা পহিলা জুলাইৰ পৰা। এটিএম বা বেংকৰ শাখালৈ গৈ তাৰ পৰা সর্বাধিক চাৰিবাৰহে বিনা খৰচত টকা উলিয়াব পাৰিব এনে গ্রাহকে তাতকৈ বেছিবাৰ টকা উলিয়ালে প্রতিবাৰতে ১৫ টকাকৈ কর্তনৱ কৰিব বেংকে। তাৰ লগতে থাকিব জিএছটিও।

ন্যূনতম বেঞ্চে

পহিলা জুলাইৰ পৰা জমা একাউণ্টত ন্যূনতম বেঞ্চে নৰখা উপভােক্তাই অতিৰিক্ত জৰিমনা ভৰিব লগা হ’ব। নিয়ম ভংগ কৰিলে বেংক কর্তৃপক্ষই ইয়াৰ বাবে আপােনাৰ পৰা পেনাল্টি বিচাৰিব পাৰে। উল্লেখ্য যে প্রতিটো বেংকতেই একাউন্ট চলাই থকাৰ বাবে এক নির্দিষ্ট পৰিমাণৰ ন্যূনতম বেঞ্চে ৰখাটো প্রয়ােজনীয়। বেংকভেদে এই পৰিমাণ বেলেগ বেলেগ। পূৰ্বৰে পৰা এই নিয়ম প্রচলিত হৈ আছিল যদিও ইমানদিনে বিভিন্ন বেংকে এই ক্ষেত্ৰত শিথিলতা দেখুৱাইছিল। পহিলা জুলাইৰ পৰা এই নিয়ম কঠোৰভাৱে পালন কৰিব বেংকসমূহে।

ইপিএফঅ’ একাউন্ট

অহা পহিলা জুলাইৰ পৰা পিএফ একাউণ্টৰ পৰা অগ্রিম দাবী কৰিব পৰা নাযাব। কেন্দ্র তৰফৰ পৰা কৰা ঘােষণা অনুসৰি, ইপিএফঅ’ একাউন্টধাৰী উপভােক্তাসকলৰ একাউণ্টৰ পৰা যি এক নির্ধাৰিত পৰিমাণৰ টকা ইমানদিনে আগতীয়াকৈ উলিওৱাৰ সুবিধা দি থকা হৈছিল তাৰ সময়সীমা অহা ৩০ জুনত সমাপ্ত হ’ব।

Exit mobile version