ভাৰতত উভতিল পাকিস্তানত কাৰাবন্দী হৈ থকা বৰেলাল

attari border pti 1002018 1624769682

দুবছৰ পাছত ভাৰতলৈ উভতিল বৰেলাল আদিবাসী । ২০১৯ত কোনো কাৰণত সীমান্ত পাৰ হৈ পাকিস্তানত সোমাই মধ্যপ্ৰদেশৰ দামো জিলাৰ বাসিন্দা ৪০ বছৰীয়া বৰেলাল । ইয়াৰ পাছৰ পৰা তেওঁ পাকিস্তানৰ কাৰাগাৰত আছিল । অৱশেষত শনিবাৰে পাকিস্তানৰ পৰা ভাৰতত ভৰি থয় বৰেলালে ।

বৰেলালে কেনেদৰে পাকিস্তান গৈ পায় সেই বিষয়ত এই পৰ্যন্ত কোনো তথ্য জনোৱা নাই । কিন্তু সীমান্ত পাৰ হোৱাৰ পাছত তেওঁক বাহুৱালপুৰত গ্ৰেপ্তাৰ ‌কৰে পাকিস্তানৰ আৰক্ষীয়ে । এই খবৰ লাভ কৰাৰ পাছত চৰকাৰক আবেদন কৰে তেওঁৰ পৰিয়ালবৰ্গই । ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে পাকিস্তান চৰকাৰৰ স’তে যোগাযোগ কৰে । সুদীৰ্ঘ দুবছৰৰ পাছত তেওঁক মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে পাকিস্তান চৰকাৰে ।

দামো জিলাৰ আৰক্ষী ডি আৰ টেনিভাৰে জনায়, পঞ্জাৱৰ আট্টাৰি সীমান্তৰ পৰা শনিবাৰে ভাৰতলৈ আহে বৰেলাল । তেওঁৰ এজন আত্মীয়‌ই তেওঁক আনিবৰ বাবে অমৃতসৰলৈ যায় । তেওঁ অমৃতসৰৰ পৰা বৰেলালক লৈ দামোত উভতে ।

Exit mobile version