যুটীয়া বিস্ফোৰণত কঁপিল জম্মুৰ বায়ুসেনা ষ্টেচন, ড্ৰ’নৰ সহায়ত আক্ৰমণ কৰা হৈছে বুলি প্ৰাথমিক অনুমান

857696 jammublast

গভীৰ নিশা জম্মু বিমানবন্দৰৰ বায়ুসেনা ষ্টেচনত দুটা বোমা বিস্ফোৰণ ঘটে । পাঁচ মিনিটৰ ব্যৱধানতে বোমা দুটাৰ বিস্ফোৰণ ঘটে । বিস্ফোৰণত দুজন লোক আহত হয় । ঘটনাস্থলীত ব’ম্ব্ স্কোৱাডৰ অধিকাৰীসকল আহি উপস্থিত হয় । ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এন‌আইএ)এ সমগ্ৰ ঘটনাটো তদন্ত কৰিব ।

জম্মু বিমানবন্দৰৰ ৰাণৱে আৰু এয়াৰ ট্ৰাফিক কণ্ট্ৰ’ল ভাৰতীয় বায়ুসেনাৰ অধীনস্থ । সেই ঠাইৰ পৰা যাত্ৰীবাহী বিমানো চলাচল কৰে । বিমানবন্দৰৰ প্ৰযুক্তি বিভাগৰ কাষত শনিবাৰে নিশা বিস্ফোৰণ দুটা ঘটে । নিশা এক বাজি ৩৭ মিনিটত প্ৰথম বিস্ফোৰণটো ভৱনৰ চাদত ঘটে । দ্বিতীয় বিস্ফোৰণটো ঘটে মুকলি স্থানত, নিশা এক বাজি ৪২ মিনিটত ।

আৰক্ষীয়ে জনায়, বিস্ফোৰণ সিমান তীব্ৰতৰ নহ’লেও তাৰ শব্দ দুই কিলোমিটাৰ পৰ্যন্ত শুনা গৈছে । বিস্ফোৰকত চাৰি কেজি সাতশ গ্ৰাম আইইডি ব্যৱহাৰ কৰা হৈছে । ড্ৰ’নৰ সহায়ত বিস্ফোৰক পেলাই ঘটনা সংঘটিত কৰা হৈছে বুলি প্ৰাথমিক তদন্তত ধাৰণা কৰিছে আৰক্ষীয়ে ।

বিস্ফোৰণত দুটা বাৰাক ধ্বংস হৈছে । কিন্তু বায়ুসেনাৰ কোনো সৰঞ্জাম ক্ষতিগ্ৰস্ত নহয় । বিস্ফোৰণৰ খবৰ লাভ কৰি সেই অঞ্চলটো আগুৰি ধৰে আৰক্ষীয়ে । ঘটনাস্থলীত উপস্থিত হয় ফৰেন্সিক দল আৰু ব’ম্ব্ স্কোৱাডৰ অধিকাৰীসকল । এন‌আইএ-ৰ বিষয়াসকলে ঘটনাটোৰ তদন্ত কৰিব ।

এই ঘটনাত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ জড়িত হৈ আছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে দুজন সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । কিন্তু বায়ুসেনাৰ তৰফৰ পৰা পুৱা সাত বজা পৰ্যন্ত এফ‌আইআৰ দাখিল হোৱা নাই বুলি জনায় জম্মু আৰক্ষীয়ে ।

Exit mobile version