২০৫০ৰ পাছত সৃষ্টি হ’ব বিপৰীতমুখী সমস্যা, দ্রুতগতিত গলিছে হিমবাহ : জলস্তৰ বৃদ্ধি

গােলকীয় উষ্ণতাই বিপদ মাতিছে ব্রহ্মপুত্র-গংগা-সিন্ধুৰ নৈপৰীয়ালৈ

R header indus min

গংগা, সিন্ধু আৰু ব্ৰহ্মপুত্র নদীৰ পাৰত বাস কৰা কোটি কোটি লােক শীঘ্ৰেই গভীৰ সংকটৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ প্রধান কাৰণ হৈছে গােলকীয় উষ্ণতাৰ বাবে দ্রুতগতিত গলি থকা হিমবাহসমূহ। ইতিমধ্যেই এই তিনিখন প্রধান নদীৰ জলস্তৰ ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছে।

হিমালয় আৰু কাৰাকোৰাম পর্বতমালাত থকা বৃহৎ হিমবাহসমূহ দ্রুতগতিৰে গলি থকাৰ বাবেই এই আশংকাজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে। যাৰ ফলত অচিৰেই এই নদী তিনিখনৰ অৱবাহিকাত অৱস্থিত অঞ্চলসমূহত বানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

যাৰ প্রকোপত নিশাৰ ভিতৰতে সংকটৰ সন্মুখীন হ’ব পাৰে কমেও ১০ কোটি মানুহ। সম্প্রতি এনে আশংকাই কৰিছে এদল গৱেষকে। গৱেষক মহম্মদ ফাৰুক আজমৰ নেতৃত্বত আইআইটি ইন্দোৰৰ এদল গৱেষকে সম্প্রতি হিমবাহ গলাক কেন্দ্ৰ কৰি গৱেষণা চলাইছিল।

তেওঁলােকৰ গৱেষণা পত্ৰখন ইতিমধ্যে প্রকাশিত হৈছে ‘দ্য জাৰ্ণেল ছায়েন্স’ত। এই গৱেষণা পত্রতে গৱেষকসকলে দাবী কৰিছে যে এইভাৱেই যদি হিমবাহ গলি থাকে, তেন্তে এই শতাব্দী শেষ নৌহওঁতেই নদীসমূহলৈ পানীৰ সৰবৰাহৰ সমস্যা সৃষ্টি হােৱাটো নিশ্চিত। হিমবাহৰ গলন, গােলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তনৰ দৰে একাধিক বিষয়ক একত্রিত কৰি ইয়াক লৈ প্রকাশিত আঢ়ৈশৰাে অধিক গৱেষণা পত্র চালি-জাৰি পৰীক্ষা কৰি তাৰ পৰা পৰিস্থিতি বুজাৰ চেষ্টা কৰিছিল গৱেষকসকলে।

তেতিয়াই তেওঁলােকে দেখা পাইছে যে যি হাৰত হিমবাহ গলা দেখা গৈছে, তাৰ ফলত অচিৰেই ব্রহ্মপুত্রসহ বাকী নদীসমূহত পানীৰ পৰিমাণ ব্যাপক হাৰত বৃদ্ধি পাব। ইয়াৰ লগতে বাৰিষাৰ স্বাভাৱিক বৰষুণ যােগ হৈ বানৰ দৰে ভয়ানক পৰিস্থিতিৰ উদ্ভৱ ঘটিব বিভিন্ন অঞ্চলত।

সততে হিমবাহ গলি সৃষ্টি হােৱা পানীয়েই হৈছে নদীসমূহত পানীৰ পৰিমাণ বৃদ্ধিৰ অন্যতম কাৰণ। প্রত্যক্ষ বা পৰােক্ষভাৱে ১০ কোটি মানুহ এই পানীৰ ওপৰতে নিৰ্ভৰশীল। অৱশ্যে গংগা বা ব্ৰহ্মপুত্ৰৰ অৱবাহিকাত পানীৰ চাহিদা পূৰণৰ বাবে বৰষুণৰ পানীও আছে। অথচ সিন্ধু উপত্যকাৰ পৰিস্থিতি সম্পূর্ণ পৃথক।

তাত হিমবাহ গলা পানীয়েই একমাত্র উৎস। অৱশ্যে শেহতীয়াকৈ বৰষুণৰ পৰিচিত চৰিত্ৰও বহু সলনি হৈছে। তাৰ লগতে যােগ হৈছে গােলকীয় উষ্ণতা। ইয়াৰ প্ৰভাৱ পৰিছে ব্ৰহ্মপুত্ৰ আৰু গংগাৰ অৱবাহিকাতাে। গৱেষকৰ দলটোৱে জনাইছে যে ২০৫০ পর্যন্ত এইদৰে হিমবাহ গলাৰ মাত্রা বৃদ্ধি পাই থাকিব।

তাৰ পাছত সেই প্রক্রিয়া কমিবলৈ আৰম্ভ কৰিব। কিছুমান ক্ষেত্ৰত ব্যতিক্রম থাকিলেও সামগ্রিকভাৱেই হিমবাহ গলাৰ প্রক্রিয়া হ্রাস পাব। তেতিয়াৰ পৰাই আৰম্ভ হ’ব সম্পূর্ণ পৃথক সমস্যা। কিয়নাে হিমবাহ অন্তর্ধান হােৱাৰ ফলত সৃষ্টি হ’ব নদীৰ পানীৰ অভাৱ। সেয়ে এতিয়াৰ পৰাই এই বিষয়ত সতর্ক হােৱাৰ বার্তা দিছে।

গৱেষকসকলে। তেওঁলােকে অভিমত প্ৰকাশ কৰিছে যে ত্রিস্তৰীয় পদ্ধতিৰে হিমবাহৰ ওপৰত পর্যবেক্ষণ চলােৱা আৰু অন্যান্য পদ্ধতিৰে পৰিস্থিতিক সলনি কৰা সম্ভৱ হ’ব।

Exit mobile version