৪১ বছৰৰ পাছত পুডুচেৰীত মহিলা মন্ত্ৰী

noo58h2g chandira

প্ৰায় চাৰিটা দশকৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত কোনো মহিলাই দায়িত্ব গ্ৰহণ কৰিব । কাইলৈ পুডুচেৰীৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব । কাইলৈ বিয়লিয়ে আন চাৰিজন মন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব এআইএন‌আৰচি দলৰ বিধায়িকা চান্দিৰা প্ৰিয়াংগাই ।

ৰাষ্ট্ৰপতি আৰু উপ ৰাজ্যপালৰ অনুমোদন সাপেক্ষেই নতুন মন্ত্ৰীসকলৰ শপতৰ দিন ধাৰ্য কৰিছে এন ৰংগস্বামী নেতৃত্বাধীন মন্ত্ৰীসভাই । কাইলৈ শপত ল’বলগীয়া পাঁচ মন্ত্ৰীৰ ভিতৰত তিনিজনেই জোঁট চৰকাৰৰ সৰ্বাধিক আসনৰ অধিকাৰী এআইএন‌আৰচিৰ বিধায়ক । বাকী দুজন বিধায়ক বিজেপিৰ । উপ-ৰাজ্যপাল তামিলিছাই সৌন্দৰাজনে ৰাজভৱনত মন্ত্ৰীসকলক শপতবাক্য পাঠ কৰাব ।

এই পাঁচ মন্ত্ৰীৰ ভিতৰত বিশেষ চৰ্চা লাভ কৰিছে প্ৰিয়ংগাই । কিয়নো সুদীৰ্ঘ ৪১ বছৰীয়া প্ৰথা ভাঙি কোনো মহিলাই প্ৰথমবাৰলৈ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৯৮০ৰ পৰা ১৯৮৩ পৰ্যন্ত কেন্দ্ৰীয় শাসিত পুডুচেৰীৰ মন্ত্ৰীসভাৰ সদস্যা আছিল এগৰাকী মহিলা । কংগ্ৰেছৰ ৰেণুকা আপ্পাডুৰাই সেই সময়ত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ শিক্ষা বিভাগৰ দায়িত্ব পালন কৰিছিল । এইবাৰ আপ্পাডুৰাৰ উত্তৰসূৰীৰূপে পুডুচেৰীৰ মন্ত্ৰী হ’ব প্ৰিয়ংগা । অৱশ্যে তেওঁ কি বিভাগৰ দায়িত্ব পাব সেয়া এতিয়া সদৰী হোৱা নাই ।

বিগত বিধানসভাৰ নিৰ্বাচনত ৪০খন আসনৰ অধিকাংশতে জয়ী হৈ পুডুচেৰীৰ ক্ষমতালৈ ঘূৰি আহিছিল এআইএন‌আৰচি নেতৃত্বাধীন এনডিএ জোঁট চৰকাৰ । মুখ্যমন্ত্ৰী হয় ৰংগস্বামী । মুখ্যমন্ত্ৰী ৰংগস্বামীয়েই নিজৰ মন্ত্ৰীসভাত প্ৰিয়ংগাৰ অন্তৰ্ভুক্তি বিচাৰি আবেদন জনাইছিল । সেয়া মঞ্জুৰ হোৱাত বিগত ৪১ বছৰ ধৰি পুডুচেৰীত মহিলা মন্ত্ৰী নথকাৰ অভাৱ পূৰণ হ’ল ।

Exit mobile version