চৰম পৰিৱেশত দ্ৰুতগতিত বৃদ্ধি পাইছে সংক্ৰমণ, এভাৰেষ্টত বহু যাত্ৰী ক’ভিডত আক্ৰান্ত

971256 mount everest

চৰম পৰিৱেশতো মুক্তি নাই কৰ’নাৰ পৰা । দলে দলে যাত্ৰী ক’ভিডত আক্ৰান্ত হৈছে এভাৰেষ্ট বেছ কেম্পত । সেয়ে এভাৰেষ্টৰ পৰা নামি আহিছে যাত্ৰীসকল, যদিও নেপাল চৰকাৰে সম্পূৰ্ণ অস্বীকাৰ কৰিছে এই দাবী ।

বিগত এপ্ৰিলত বিশ্বৰ সৰ্বোচ্চ শৃংগৰ বেছ কেম্পত অসুস্থ হৈ পৰিছিল জংবু ছেৰপা নামৰ এজন গাইড্ । তেওঁৰ কাঁহ, জ্বৰৰ লগতে অন্যান্য উপসৰ্গ‌ও আছিল । ১৭,৫৯০ ফুট উচ্চতাত তেওঁৰ দ্ৰুত শাৰীৰিক অৱনতি ঘটিবলৈ লয় । ততাতৈয়াকৈ তেওঁক হেলিকপ্টাৰেৰে তলত নমাই আনি হাস্পতালত ভৰ্তি কৰোৱা হয় । পৰীক্ষণত তেওঁক ক’ভিড পজিটিভ পোৱা যায় । তেওঁ এসপ্তাহ হাস্পতালতে থাকে । ছয়দিন গৃহত । ইয়াৰ পাছতেই তেওঁক পুনৰ বেছ কেম্পলৈ প্ৰেৰণ কৰা হয় ।

অতিমাৰীৰ ফলত তেওঁৰ দৰে বহু দক্ষ গাইডে সম্প্ৰতি কাম কৰিব পৰা নাই । ফলত সম্পূৰ্ণ সুস্থ হোৱাৰ পূৰ্বেই তেওঁক পুনৰ পাহাৰত প্ৰেৰণ কৰা হয় । বহুতে ধাৰণা কৰে যে সম্পূৰ্ণ সুস্থ নোহোৱাৰ বাবেই হয়তো তেওঁৰ শৰীৰত কৰ’নাৰ জীৱাণুও জীৱিত হৈ আছিল । ইয়াৰ পাছতেই ১৭,৫৯০ ফুট উচ্চতাৰ যাত্ৰীসকল ক’ভিডত আক্ৰান্ত হ’বলৈ লয় । সৰু সৰু তম্বুত একেলগে বহু যাত্ৰী থকাৰ বাবে সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে ।

কিন্তু নেপাল চৰকাৰে এই তথ্য অস্বীকাৰ কৰিছে । তেওঁলোকৰ মতে, এভাৰেষ্ট বেছ কেম্পত কোনো ক’ভিড সংক্ৰমণৰ চিহ্ন নাই । কিছুসংখ্যক লোক নিউমোনিয়াত আক্ৰান্ত হৈছে । পাহাৰৰ শুকান বতাহত এইটো নতুন কথা নহয় ।

আমেৰিকাৰ সংবাদ মাধ্যম নিউয়ৰ্ক টাইমছে সামাজিক মাধ্যমত ৫৯ জন যাত্ৰীক চিহ্নিত কৰিছে, যিয়ে বেছ কেম্পতে সংক্ৰমিত হৈছে । সন্দেহ কৰা হৈছে আক্ৰান্তৰ সংখ্যা ইয়াতকৈ বহুত বেছি । সংবাদ মাধ্যমে গাইডসকলৰ স’তে যোগাযোগ কৰে । নাম গোপনে ৰাখি তেওঁলোকে জনায় যে, বেছ কেম্পৰ প্ৰতিটো যাত্ৰী দলৰ তিনি-চাৰিজনকৈ লোক ক’ভিডত আক্ৰান্ত ।

ইতিমধ্যে বহু পৰ্বতাৰোহণ সংস্থাই এভাৰেষ্টত তেওঁলোকৰ অভিযান বাতিল কৰিছে । ইয়াৰ পাছতো নেপাল চৰকাৰে সংক্ৰমণৰ কথা অস্বীকাৰ কৰিছে ।

সূত্ৰ অনুসৰি, এভাৰেষ্ট অভিযানৰ বতৰত নেপাল চৰকাৰে বিপুল অৰ্থ উপাৰ্জন কৰে । দৰিদ্ৰ দেশ হোৱাৰ বাবে গোটেই বছৰৰ বাবে এই সুযোগ হেৰুৱাব বিচৰা নাই তেওঁলোকে । সেয়ে বেছ কেম্পত সংক্ৰমণ হোৱাৰ কথা মানি ল’ব বিচৰা নাই তেওঁলোকে ।

চৰকাৰে অস্বীকাৰ কৰিলেও এভাৰেষ্টৰ বেছ কেম্পৰ পৰা নামি অহা বহু যাত্ৰী কাঠমাণ্ডুৰ হাস্পতালত চিকিৎসাধীন হৈছে । সংক্ৰমিত হোৱাৰ পাছতো চৰম পৰিৱেশত সময় কটোৱাৰ বাবে তেওঁলোকৰ বহুতৰে অৱস্থা সংকটজনক । ফলত বেচৰকাৰীভাৱে হ’লেও বেছ কেম্পত সংক্ৰমণ হোৱাৰ বিষয়টো স্পষ্ট ।

Exit mobile version