নিউইয়ৰ্কত নতুন ৰেষ্টুৰেণ্ট উদ্বোধন অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ, বন্ধুবৰ্গৰ স’তে খালে ফুচকা

g5o6i7c8 priyanka chopra sona restaurant

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই মাৰ্চত নিউয়ৰ্ক চহৰত প্ৰসিদ্ধ ৰেষ্টুৰেণ্টৰ গৰাকী মনীষ গোৱেলৰ স’তে এখন ভাৰতীয় ৰেষ্টুৰেণ্ট খুলিছিল। কিন্তু কামৰ ব্যস্ততাৰ বাবে সেই ৰেষ্টুৰেণ্টলৈ যোৱা হোৱা নাই প্ৰিয়ংকাৰ।

এইবাৰ প্ৰিয়ংকাই সময় লৈ তেওঁৰ বন্ধুবৰ্গৰ স’তে নিজৰ ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিলে ।

তিনি বছৰ ধৰি এই ৰেষ্টুৰেণ্টৰ বিষয়ে পৰিকল্পনা কৰিছিল অভিনেত্ৰীগৰাকীয়ে । প্ৰিয়ংকাৰ ৰেষ্টুৰেণ্ট ‘ছোনা’ত নিজৰ উপনামৰ অধীনত এখন ব্যক্তিগত ডাইনিং ৰেষ্টুৰেণ্টো আছে। যাৰ নাম ‘মিমি’।

তাত ভাৰতীয় শিল্পসকলৰ অংকন কৰাৰ চিত্ৰসমূহো বিক্ৰী কৰা হব।অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ৰেষ্টুৰেণ্টৰ সকলো দুৰ্ধৰ্ষ ফটো ইনষ্টাগ্ৰামত প’ষ্ট কৰিছে।

প্ৰিয়ংকাৰ মতে, এই ৰেষ্টুৰেণ্টখন তেওঁৰ ‘হৃদয়ৰ অতি ওচৰত, মনৰ ওচৰত’ আৰু অৱশ্যে অভিজ্ঞতাটো তেওঁৰ বাবে ‘সম্পূৰ্ণ পৃথক’। প্ৰিয়ংকাৰ ৰেষ্টুৰেণ্ট ‘ছোনা’ত ভাৰতীয় ৰন্ধনপ্ৰণালীৰ বিভিন্ন ব্যঞ্জন আছে যিয়ে জিভাৰ পানী পেলায়।

নিক জোনছে ইনষ্টাগ্ৰামত এটা প’ষ্টত লিখিছিল, “মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে ছোনা ৰেষ্টুৰেণ্টখন অৱশেষত আহিবলৈ সক্ষম হ’ল। তিনি বছৰৰ পৰিকল্পনাৰ পাছত, এই ৰেষ্টুৰেণ্টখন প্ৰেম আৰু কঠোৰ পৰিশ্ৰমৰ ফলাফল। মোৰ নামত এটা ব্যক্তিগত ডাইনিং আছে। ইয়াৰ আভ্যন্তৰীণ সজ্জাই মোক আচৰিত কৰিছিল। সুস্বাদু খাদ্য ,পানীয় সকলো মিলি ছোনাৰ অভিজ্ঞতাটো ইমানে অন্যান্য যে নিউইয়ৰ্ক ত আমাৰ হৃদয়ৰ অংশ হৈ থাকিব এইখন।”

প্ৰিয়ংকা চোপ্ৰাক এটা শ্বেয়াৰ কৰা ভিডিঅ’ত ফুচকা সোৱাদ লোৱা দেখা গৈছে। সুৰা দি ফুচকাৰ এটা সংমিশ্ৰণ ব্যঞ্জন পোৱা যায় এই ৰেষ্টুৰেণ্টত।

Exit mobile version