আৰ্থিক সংকটত ভৱানীপুৰৰ মৃৎ শিল্পীসকল, পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা

ৰাজ্যত চলি থকা মিনি তলাবন্ধৰ বাবে এতিয়া বৃহৎ ক্ষতিৰ সম্মুখীন হৈছে মৃৎ শিল্পীসকল । দেশত তথা ৰাজ্যৰ চৌপাশে মহামাৰী কʼৰনাৰ সন্ত্ৰাসে কোঙা কৰিছে সৰ্বসাধাৰণৰ লগতে মৃৎ শিল্পৰ স’তে জড়িত মৃৎ শিল্পী সকলোকো ।

মাটিৰে সা-সামগ্ৰী তৈয়াৰ কৰি নিজৰ পৰিয়ালক পোহপাল দি থকা মৃৎ শিল্পী সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা । বিভিন্ন স্থানৰ পৰা সামগ্ৰী সমূহৰ অৰ্দাৰ লাভ কৰিছিল যদিও আন্তঃ জিলা যাতায়ত বন্ধ হৈ থকাৰ বাবে সামগ্ৰী সমূহ যোগান ধৰিব পৰা নাই মৃৎশিল্পীসকলে ।

যোৱা বছৰৰ মহামাৰী ক’ৰনা আৰাম্ভ হোৱাৰ পৰাই ক্ৰমাত হ্ৰাস পাই আহিছে এই সামগ্ৰীসমূহৰ বিক্ৰী যাৰ বাবে আৰ্থিক ভাবে জুৰুলা হৈ পৰিছে তেওঁলোক । একমাত্ৰ মৃৎ শিল্পৰ ওপৰতে নিৰ্ভৰ কৰি অহা বজালীৰ ভৱানীপুৰৰ কুৰবাহা পথাৰৰ পালবস্তিৰ এই সমূহ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী সমূহ বিক্ৰী কৰিব নোৱাৰি ঘৰৰে এচুকত দমখাই পেলাই ৰাখিছে সামগ্ৰী সমূহ । যুগ যুগ ধৰি এই উদ্যোগটোক জীয়াই ৰখা এই সকল মৃৎ শিল্পীয়ে নিজৰ পৰিয়ালটোক জীয়াই ৰখাৰ বাবে কৰিব লগা হৈছে কঠোৰ সংগ্ৰাম ।

নিজৰ পৰিয়ালৰ বাবে ভাত মুঠি মুকলাবলৈ কোনোৱেই যদি কৰিছে খেতি আকৌ কোনোবাই কৰিব লগা হৈছে দিন হাজিৰা । মহামাৰী কʼৰনাৰ বাবে ৰাজ্যত বলবৎ হৈ থকা মিনি তলাবন্ধৰ বাবে ঘৰতে সুমাই থাকিবলৈ বাধ্য হৈছে একাংশ ।

এসাঁজ খাই এসাজৰ বাবে চিন্তা কৰিব লগা হৈছে এইসকলে । বছৰ বছৰ ধৰি এনেদৰে এই উদ্যোগটোক জীয়াই ৰখা এই সকলৰ ওপৰত কোনো এখন চৰকাৰৰ নপৰিল সুদৃষ্টি । যাৰ বাবে চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ থাকিল এই সকল মৃৎ শিল্পী। অতিমাৰী কʼৰনাই বিধ্বস্ত কৰা এই উদ্যোগটোৰ স’তে জড়িত লোকসকলক সহায়ৰ বাবে চৰকাৰক অনুৰোধ জনাইছে এই সকল মৃৎশিল্পীয়ে ।

Exit mobile version