ইউএফঅ’ সন্দৰ্ভত প্রতিবেদন প্রকাশ কৰিলে আমেৰিকাই

gimbalstill2

ভিন্ন গ্রহৰ প্রাণী বা এলিয়েন কেন্দ্ৰ কৰি মানুহৰ আগ্ৰহৰ অন্ত নাই। আমাৰ হাতীপটিৰ সিপাৰে, ব্রহ্মাণ্ডৰ সুদূৰত কোনাে নাম নজনা স্থানৰ পৰা পিৰিচৰ দৰে আকৃতিৰ অত্যাধুনিক মহাকাশ যানত উঠি মাজে-মধ্যেই এলিয়েন পৃথিৱীলৈ আহে বুলি বহুতেই ধাৰণা কৰে।

বহুতেই হেনাে এলিয়েন উঠি অহা যান বা ‘আনআইডেন্টিফাইড ফ্লাইং অবজেক্ট’ (ইউএফঅ’) প্রত্যক্ষ কৰিছে। এই ‘প্রত্যক্ষদর্শী’ৰ তালিকাত নাম আছে আমেৰিকান সেনাৰ পাইলটসকলৰাে। সম্প্রতি এই সন্দৰ্ভত এক প্রতিবেদন প্রকাশ কৰিছে ৱাশ্বিংটনে।

এক আন্তর্জাতিক সংবাদ সংস্থাই জনােৱা মতে, আমেৰিকাৰ যুঁজাৰু বিমানৰ পাইলটসকলৰ ইউএফঅ’ দর্শনক কেন্দ্ৰ কৰি প্রকাশিত প্রতিবেদনত দাবী কৰা হৈছে যে ‘ভিন্নগ্রহীসকলৰ মহাকাশ যান’ বুলি যিবােৰ ভাসমান বস্তুক দেখা গৈছে সেইবােৰ আচলতে কি এতিয়াও জানিব পৰা হােৱা নাই।

কিয়নাে বিশ্লেষণ কৰিব পৰা কোনাে পর্যাপ্ত তথ্য আৰু প্রমাণ এতিয়াও পােৱা নাই। বহুতেই দাবী কৰে যে মাজে-মধ্যেই আমেৰিকাৰ আকাশত বা বিশ্বৰ আন স্থানত যি উড়ন্ত যানসমূহ দেখা গৈছে, সেইবােৰ আচলতে পৃথিৱীৰ প্রযুক্তিতেই নির্মিত। সেই ভাসমান বস্তুবােৰ আচলতে সামৰিক প্রয়ােজনত কৰা কোনাে গােপন গৱেষণাৰ ফল।

ইয়াৰ বিপৰীতে নিজৰ প্রতিবেদনত আমেৰিকাৰ প্ৰতিৰক্ষা বিশ্লেষকসকলে জনাইছে যে তেওঁলােকৰ দেশৰ পাইলটসকলে যি দেখিছে সেই বস্তুবােৰ আচলতে কি সেয়া এতিয়াও স্পষ্ট নহয়। বিশ্লেষকৰ একাংশৰ মতে, নিজৰ প্রতিবেদনত ভিন্নগ্রহীৰ অস্তিত্ব থকা বা নথকাৰ বিষয়ত এতিয়াই মতামত দিবলৈ ৰাজি নহয় আমেৰিকাৰ চৰকাৰ।

উল্লেখ্য যে যােৱা এপ্রিলত তথ্যচিত্র নির্মাতা জেৰেমী কৰবেল আৰু চলিত মাহৰ আৰম্ভণিতে সাংবাদিক জর্জ নেপে সামাজিক মাধ্যমত কিছু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল। তেওঁলােকৰ দাবী আছিল যে এই ফটোসমূহ নৌ-বাহিনীৰ জোৱানে তােলা আৰু সেইবােৰ আচলতে এলিয়েনৰ যান।

ইয়াৰ পূর্বেও এই ধৰণৰ ফটোক কেন্দ্ৰ কৰি বিতর্ক সৃষ্টি হলেও এইবাৰৰ ঘটনা আছিল সম্পূর্ণ পৃথক। কিয়নাে এই ফটো আৰু ভিডিঅ’ যে ‘ভুৱা নহয় আৰু সেইবােৰ যে আমেৰিকাৰ নৌ-বাহিনীৰ লােকেই তুলিছিল, সেই কথা খােদ পেন্টাগনেও স্বীকাৰ কৰিছে।

‘দ্য ব্লেক ভল্ট’ নামৰ এটা ৱেবছাইটৰ তৰফৰ পৰা পেন্টাগনৰ মতামত জানিব বিচাৰিছিল। তেতিয়াই পেন্টাগনৰ মুখপাত্র ছুজান গ’ঘে জনাইছিল যে ফটোসমূহ সঁচাকৈয়ে নৌ-সেনাৰ লােকে কেমেৰা বন্দী কৰিছিল।

গ’ঘে কয়, “মই নিশ্চিতভাৱে কওঁ যে এই সকলাে ফটো আৰু ভিডিঅ’ মার্কিন নৌ-সেনাৰ কৰ্মীসকলেই তােলা।” অৱশ্যে মুখপাত্রগৰাকীয়ে লগতে কয় যে সেই উড়ন্ত বস্তুবােৰ অপার্থিৱ যান হয় নে নহয়, সেই সম্পর্কে তেওঁ নিশ্চিতভাৱে একো ক’ব নােৱাৰে। গ’ঘৰ এনে মন্তব্যৰ পাছৰ পৰাই নতুনকৈ ভিন্ন প্রাণীসকলৰ অস্তিত্ব আৰু তেওঁলােকৰ পৃথিৱী ভ্ৰমণৰ সূত্রই নতুন অক্সিজেন লাভ কৰে।

Exit mobile version