এবছৰ-দুবছৰ নহয় ! ২০ হেজাৰ বছৰৰ আগতেও কৰ’না ভাইৰাছৰ স’তে সাক্ষাৎ হৈছিল মানুহৰ

corona 0

এবছৰ বা দুবছৰ নহয় । কৰ’না ভাইৰাছৰ স’তে মানুহে সাক্ষাৎ হৈছিল ২০ হেজাৰ বছৰৰ আগতেও। এক গৱেষণা অনুসৰি, কৰ’না ভাইৰাছে ২০হেজাৰ বছৰ আগতে পূব এছিয়া নামেৰে জনাজাত অঞ্চলটোত মহামাৰীৰ সৃষ্টি কৰিছিল আৰু এই ‘সাক্ষাৎ’ ইমানেই শক্তিশালী আছিল যে ইয়াৰ প্ৰভাৱ এতিয়াও মানুহৰ জিনত আছে ।

অষ্ট্ৰেলিয়া আৰু ৱাশ্বিংটনৰ এদল বিজ্ঞানীৰ দ্বাৰা কৰা এই অধ্যয়নটো ‘কাৰেণ্ট বায়োলজী’ নামৰ এখন বিজ্ঞান আলোচনীত প্ৰকাশিত হৈছে । বিশেষজ্ঞসকলে বিশ্বৰ ২৬টা জনগোষ্ঠীৰ ২৫০০ জন লোকৰ জিনৰ গঠনগত বৈশিষ্ট্য পৰীক্ষা কৰিছিল।

দেখা গৈছে যে মানুহে হেজাৰ হেজাৰ বছৰ আগতে কৰ’না ভাইৰাছৰ স’তে যুঁজিছিল, আনকি বিৱৰ্তনৰ পাছতো সেই প্ৰভাৱ পোৱা গৈছে জিনত। এজন গৱেষকৰ মতে, “ভাইৰাছে নিজৰ ‘কপি’ বা প্ৰতিলিপি তৈয়াৰ কৰি সংক্ৰমণ বিয়পাই । কিন্তু তেওঁলোকৰ এই কাম কৰাৰ বাবে তেওঁলোকৰ নিজা কোনো উপায় নাই ।”

ইয়াৰ বাবে, ভাইৰাছে ‘হোষ্ট’ বা আধাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব । ভাইৰাছবিধে সেই আধাৰত প্ৰৱেশ কৰে আৰু ইয়াৰ জৰিয়তে নিজৰ প্ৰতিলিপি তৈয়াৰ কৰে। এনেদৰে মানৱ কোষক আধাৰ হিচাপে ব্যৱহাৰ কৰি বিস্তাৰ লাভ কৰে ভাইৰাছে আৰু প্ৰভাৱ ৰাখি যায় জিনত।

গৱেষকসকলে কয় যে আধুনিক প্ৰযুক্তিয়ে “ছাপ” আৱিষ্কাৰ কৰিছিল আৰু ব্যাখ্যা কৰি প্ৰমাণ পাইছিল যে কৰ’না ভাইৰাছৰ আগতে মানৱ শৰীৰৰ স’তে “পৰিচয়” হৈছে । জিনটোৰ গাঁথনি বিশ্লেষণ কৰি, গৱেষকসকলে চীন, জাপান আৰু ভিয়েটনামৰ পাঁচটা জনজাতিয়ে কৰ’নাৰ স’তে যুঁজ দিয়াৰ প্ৰমাণ পাইছিল । কিন্তু এইটোৱে প্ৰমাণ নকৰে যে এই তিনিখন দেশত কেৱল কৰ’না বিয়পি পৰিছিল । বাকী দেশবোৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় গৱেষণা উপলব্ধ নোহোৱাৰ বাবে প্ৰমাণ পোৱা নাই ।

Exit mobile version