কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ পূৰ্বে শিশুসকলক টিকাকৰণ কৰিব লাগিব, জনালে আইচিএমআৰ-এ

Drupal NEWS Kids must be included in COVID 19 vaccine trials

কৰ’নাৰ তৃতীয় ঢৌ অহাৰ আগতে সময় পোৱা যাব ছয়ৰ পৰা আঠ মাহ । এই সময়ছোৱাত, দেশৰ সাধাৰণ মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব । ১২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলক সেই সময়ৰ ভিতৰত টিকাকৰণ কৰিব লাগিব।

শেহতীয়াকৈ এক আইচিএমআৰ অধ্যয়নত এনে তথ্য প্ৰকাশ পাইছে বুলি জনায় আইচিএমআৰৰ ক’ভিড ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ এন কে অৰোৰাই ।

দেওবাৰে তেওঁ কয়, ‘আইচিএমআৰৰ শেহতীয়া এটা গৱেষণাত দেখা গৈছে যে, দেশত কৰ’নাৰ তৃতীয় ঢৌ আহিবলৈ আৰু কিছু সময় লাগিব । হাতত ছয়ৰ পৰা আঠ মাহৰ সময় আছে । সেই সময়তে দেশৰ জনসাধাৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব। ইয়াৰ উপৰিও, ১২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুৰো টিকাকৰণৰ কাম সম্পূৰ্ণ কৰিব লাগিব ।’

তেওঁ এইটোও কয় যে, দেশত জাইডাস কেডিলা ভেকচিনৰ পৰীক্ষামূলক প্ৰয়োগ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত আছে । এনে লাগিছে জুলাইৰ শেষৰ ফালে আৰু আগষ্টৰ আৰম্ভণিৰ পৰা অধিক লোকক টিকাকৰণ কৰা হ’ব ।

এইবাৰ শিশুৰ এটা অংশও সেই টিকাকৰণৰ অধীনলৈ আহিব । খবৰ পোৱা গৈছে যে জাইডাছে শীঘ্ৰেই টিকাৰ বাবে চূড়ান্ত অনুমতিৰ আবেদন কৰিব ।

Exit mobile version