কৰ’না বিধ্বস্ত অৰ্থনীতিক সুস্থিৰ কৰিবৰ বাবে বিশেষ পদক্ষেপ বিত্তমন্ত্ৰীৰ

Nirmala SItharaman press conference 770x433 1

অতিমাৰীৰ আঘাতত সংকতত পৰা অৰ্থনীতিক সৱল কৰি তুলিবলৈ আঠ দফাৰ ঔষধৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে । লগতে, সোমবাৰে সন্ধিয়া সাংবাদিক বৈঠকত তেওঁ জনায়, ক’ভিডৰ দ্বিতীয় ঢৌৰ বাবে ক্ষতিগ্ৰস্ত দুখীয়া আৰু প্ৰান্তিক মানুহক সহায় কৰিবৰ বাবে একাধিক কেন্দ্ৰীয় প্ৰকল্পৰ সময়সীমা বৃদ্ধি কৰা হ’ব ।

বিগত বৰ্ষৰ মে’ত ক’ভিড পৰিস্থিতিত ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সেই আৰ্থিক অনুদানৰে এটা গুৰুত্বপূৰ্ণ অংশ আছিল ‘গৰিব কল্যাণ যোজনা’ । নিৰ্মলাই সোমবাৰে জনায়, এই পৰ্যন্ত দুখীয়া পৰিয়ালসমূহক খাদ্যৰ যোগান ধৰিবলৈ কেন্দ্ৰ‌ই দুই লাখ ২৭ হেজাৰ ৮৪১ কোটি টকা ব্যয় কৰিছে । আগন্তুক সময়তো এই কাৰ্যসূচী অব্যাহত থাকিব ।

লগতে, পুষ্টিকৰ খাদ্য সৰবৰাহৰ বাবে পৃথককৈ এক লাখ ৪৭ হেজাৰ ৫৫৫ কোটি টকা আৱন্তন কৰা হৈছে বুলিও তেওঁ জনায় । বিগত বৰ্ষত প্ৰধানমন্ত্ৰী ঘোষিত ‘আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা’ৰ সময়সীমাও ২০২২ৰ ৩১ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে । অতিমাৰী পৰিস্থিতিতে কৰ্মসংস্থাপন বৃদ্ধি কৰাৰ বিষয়ত অগ্ৰাধিকাৰ দিয়াৰ কথাও সোমবাৰে জনায় সীতাৰমনে ।

ক’ভিড পৰিস্থিতিত ক্ষতিগ্ৰস্ত উদ্যোগবোৰৰ বাবে এক লাখ ১০ হেজাৰ কোটি টকাৰ ঋণ গেৰেণ্টি যোজনাৰ কথাও ঘোষণা কৰে সীতাৰমনে । এই কাৰ্যসূচীত বাৰ্ষিক ৭.৯৫ শতাংশ সুদত এশ কোটি টকা পৰ্যন্ত ঋণ লাভ কৰিব উদ্যোগবোৰে । গেৰেণ্টাৰ হিচাপে থাকিব কেন্দ্ৰ । সাধাৰণতে সুদৰ হাৰ হয় ন ৰ পৰা ১০ শতাংশ ।

সীতাৰমনে জনায়, স্বাস্থ্য পৰিকাঠামো গঢ়িবৰ বাবে ৫০ হেজাৰ কোটি টকা আৱন্তন কৰা হৈছে । তদুপৰি উদ্যোগবোৰৰ বাবে ৮.২৫ শতাংশ হাৰত ঋণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ বাবে আৱন্তন কৰা হৈছে ৬০ হেজাৰ কোটি টকা ।

কৰ’না পৰিস্থিতিত পৰ্যটন ব্যৱস্থা সুস্থিৰ কৰিবৰ বাবে বিনামূলীয়া পাঁচ লাখ পৰ্যটন ভিছা দিয়াৰ কথাও ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে । পৰ্যটন ক্ষেত্ৰত বিশেষ ঋণ ব্যৱস্থাও আছে ।

Exit mobile version