জম্মু-কাশ্মীৰ, লাডাখ ভাৰতৰ বাহিৰত ! মানচিত্ৰ বিতৰ্কত টুইটাৰ, কঠোৰ পদক্ষেপ গ্ৰহণৰ সঁকিয়নী কেন্দ্ৰৰ

twitterindiamap 1624869923

বাক স্বাধীনতাক লৈ আগৰ পৰাই কেন্দ্ৰ আৰু টুইটাৰৰ মাজত মতবিৰোধিতা চলিয়ে আছিল । এইবাৰ ভাৰতৰ বিকৃত মানচিত্ৰ প্ৰকাশ কৰাক লৈ কেন্দ্ৰৰ স’তে পুনৰ সংঘাতত লিপ্ত হ’ল টুইটাৰ । জম্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতীয় ভূখণ্ডৰ বাহিৰত দেখুৱাৰ অভিযোগ মাইক্ৰ’ব্লগিং ছাইটৰ বিৰুদ্ধে । এই বিষয়ৰ ভিত্তিত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব দিল্লীয়ে ।

টুইটাৰৰ ‘টুইপ লাইফ’ বিভাগত থকা ভাৰতৰ মানচিত্ৰকলৈয়ে সম্প্ৰতি বিতৰ্ক আৰম্ভ হৈছে । এই মানচিত্ৰত কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ বাহিৰত দেখুওৱা হৈছে বুলি অভিযোগ কৰিছে এজন ব্যক্তিয়ে । মুহূৰ্তৰ ভিতৰতে সামাজিক ব্যৱহাৰকাৰীসকলক ক্ষোভ ‌প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

সমগ্ৰ ঘটনাটোৰ বাবে টুইটাৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰ । দিল্লীৰ সূত্ৰ অনুসৰি, অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

নতুন ডিজিটেল আইনক লৈ আগৰ পৰাই টুইটাৰ কৰ্তৃপক্ষ আৰু কেন্দ্ৰৰ মাজত সংঘৰ্ষ চলি আছিল । নতুন আইনত সামাজিক মাধ্যমত প্ৰকাশিত যাৱতীয় লেখা, ভিডিঅ’ আৰু প’ষ্টৰ উৎস চৰকাৰক জনোৱাৰ নিৰ্দেশ দিয়া হৈছে । কিন্তু টুইটাৰৰ দাবী, এই আইন সংবিধানত উল্লিখিত বাক স্বাধীনতাৰ পৰিপন্থী ।

Exit mobile version