ধূমপানৰ দৰেই ক্ষতিকাৰক ইণ্টাৰনেট আসক্তি : মানসিক হেঁচা বৃদ্ধিৰ কাৰক হােৱাটছএপ

couple mobile social media generic

যােৱা ২৬ জুন, শনিবাৰৰ আন্তঃৰাষ্ট্ৰীয় মাদক দ্রব্য বিৰােধী দিৱসৰ দিনা উত্তৰ প্রদেশৰ লক্ষৌৰ এজন চিকিৎসকে সংবাদ মাধ্যমৰ আগত দাবী কৰি কয় যে ধূমপানৰ দৰেই ইন্টাৰনেট আসক্তিও এক ভয়াৱহ স্বাস্থ্যজনিত সমস্যাত পৰিণত হৈছে।

বলৰামপুৰ হাস্পতালৰ মনােৰােগ বিশেষজ্ঞ ডাঃ দেবাশীষ শুক্লাই কয় যে যিদৰে ধূমপান কৰিলে ই এক অভ্যাসত পৰিণত হয়, ঠিক একেদৰে হােৱাটছএপৰ দৰে সামাজিক মাধ্যমক ব্যৱহাৰ কৰিলে ই এক আসক্তিত পৰিণত হয়।

ফলত হােৱাটছএপ ব্যৱহাৰকাৰীয়ে মানসিক হেঁচা, অৱসাদৰ দৰে সমস্যাত আক্রান্ত হয়। লক্ষ্ণৌৰ মানসিক ৰােগ বিশেষজ্ঞ ডাঃ শুক্লাই লগতে কয় যে বর্তমানৰ সময়ত ইণ্টাৰনেট,হােৱাটছএপ, ম’বাইল ফোন আদি মানুহৰ বাবে অত্যাৱশ্যকীয় সামগ্রীত পৰিণত হৈছে যদিও এইসমূহৰ ব্যৱহাৰ সঠিকভাৱে নহ’লে ইণ্টাৰনেট আৰু সামাজিক মাধ্যমসমূহ মানুহৰ বাবে এক আসক্তিত পৰিণত হ’ব পাৰে।

অধিক সময় ইন্টাৰনেট, সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ পৰিণতিত বিভিন্ন ধৰণৰ মানসিক ৰােগত এজন ব্যক্তি আক্রান্ত হােৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি জানিবলৈ দি ডাঃ শুক্লাই কয় যে বৰ্তমানৰ সময়ত ভাৰতত ম’বাইল ফোনৰ ফলত পুনৰ মানসিক সমস্যাত আক্রান্ত হােৱা লােকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

ডাঃ শুক্লাই শিশুসকলক হােৱাটছএপ আৰু ম’বাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰাই ৰাখিবলৈকো অভিভাৱকসকলক পৰামর্শ দিয়ে।

Exit mobile version