পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত বন বিভাগৰ অভিযান

কুণ্ডাভৰ্তি এখন ট্ৰাক জব্দ

WhatsApp Image 2021 06 28 at 6.45.25 PM

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত বন বিভাগৰ অভিযান। এক গোপন সূত্ৰৰ পম খেদি খেৰণি বন বিভাগে চলোৱা অভিযানত জব্দ কৰে এখন নম্বৰবিহীন কুণ্ডাভৰ্তি শক্তিমান ট্ৰাক।

ৰংখেলাং গাঁওৰ পৰা মেঘালয়লৈ কুণ্ডাসমূহ অবৈধভাৱে সৰবৰাহ কৰি থকা অৱস্থাত বন বিভাগে কুণ্ডা ভৰ্তি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় যদিও কৰায়ত্ত কৰিব পৰা নাই কাঠৰ চোৰাং বেহা চলোৱা চক্ৰটোৰ এজনো সদস্যক।

ইতিমধ্যে জব্দকৃত কুণ্ডা ভৰ্তি গাড়ীখন খেৰণি বনাঞ্চলিক কাৰ্যলয়ত আনি বন বিভাগে অব্যাহত ৰাখিছে তদন্ত।

Exit mobile version