বিটিআৰ চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবিৰ সদস্যসকলক অসম চৰকাৰে কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে স্কিল ডেভেলপমেন্টৰ প্ৰশিক্ষণ আৰম্ভ চিৰাঙত

তিনিদিনীয়া প্ৰশিক্ষণ আৰম্ভ আজিৰে পৰা

চিৰাঙত আজিৰে পৰা তিনি দিনীয়াকৈ আৰম্ভ হৈছে প্ৰাক্তন এনডিএফবি সদস্যসকলৰ স্কিল ডেভেলপমেন্ট প্ৰশিক্ষণ। বিটিআৰ চুক্তি অনুসৰি অসম চৰকাৰে প্ৰাক্তন এনডিএফবিৰ সদস্যসকলক কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে আজিৰে পৰা চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ অধিনৰ বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ বিনোদন কেন্দ্ৰ (আৰচিচি ক্লাব)ত এই প্ৰশিক্ষণ আৰম্ভ কৰিছে।

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠান,অসম আৰক্ষীৰ বিশেষ শাখা আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা আয়োজন কৰা এই অনুষ্ঠানত ১২০ জন প্ৰাক্তন এনডিএফবিৰ সদস্যই অংশগ্ৰহণ কৰে।

অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিৰেন নাথ,চিৰাং জিলা আৰক্ষী অধিক্ষক গৌৰৱ উপাধ্যায়, ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠানৰ বিষয় ববীয়া সকলে সমল ব্যাক্তি হিচাবে থাকি প্ৰাক্তন এনডিএফবিৰ সদস্য সকলক প্ৰশিক্ষণ দিয়ে । আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ তিনিদিন চলিব।

Exit mobile version