মণিপুৰ-মিজোৰামৰ পৰা নিয়ন্ত্রণ ড্ৰাগছ সৰবৰাহ, উগ্রপন্থী বিৰােধী অভিযানৰ লেখীয়াকৈ ৰাজ্যজুৰি চলিছে তালাচী

পলায়নৰ চেষ্টা নকৰিবলৈ সকীয়নি, অপৰাধীক গুলীওৱাৰ নির্দেশ আৰক্ষীক

Himanta

হিমন্ত বিশ্ব শর্মা চৰকাৰে দায়িত্ব লােৱাৰ পাছতে আৰম্ভ কৰা ড্ৰাগছ বিৰােধী অভিযানৰ অংশস্বৰূপে ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে যদিও বহিঃৰাজ্যৰ পৰা চোৰাং পথেৰে এতিয়াও ড্ৰাগছ সৰবৰাহ অব্যাহত থকাৰ তথ্য চোৰাংচোৱাই লাভ কৰিছে।

এই তথ্যৰ ভিত্তিতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৈনিক আৰক্ষীৰ অভিযানকাৰী দলে লাখ লাখ টকাৰ নিষিদ্ধ ড্রাগছ জব্দ কৰাৰ লগতে বহিঃৰাজ্যৰ পৰা সৰবৰাহ ৰােধ কৰিবলৈ সীমান্তৱর্তী জিলা আৰু প্রধান চহৰসমূহত উগ্রপন্থী বিৰােধী অভিযানৰ লেখীয়াকৈ ব্যাপক তালাচী অব্যাহত ৰাখিছে।

ৰাজ্যত উগ্রপন্থী বিৰােধী অভিযান তীব্রতৰ হৈ থকাৰ সময়ছােৱাত তথা গণৰাজ্য দিৱস, স্বাধীনতাৰ দিৱসৰ প্ৰাক্ষণত যিধৰণে তালাচী অভিযান চলােৱা হয়, সেই ধৰণেই ডাগছ বিৰােধী তালাচী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। গুৱাহাটী মহানগৰীৰাে প্রান্তে প্রান্তে আৰক্ষীয়ে চাৰিচকীয়া বাহন-দুচকীয়া বাহন আদি তালাচীৰ সময়ত তন্ন তন্নকৈ পৰীক্ষা কৰিছে।

এই সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই কয় যে ড্রাগছ সৰবৰাহকাৰীয়ে কোনটো সময়ত কি ছদ্মবেশ ধৰে কোনেও নাজানে। শেহতীয়াকৈ জমেট’, ছুইগীৰ হােম ডেলিভাৰী বয়, চালক, স্বাস্থ্যকর্মীৰূপী ছদ্মবেশী ড্ৰাগছ সৰবৰাহকাৰী ধৰা পৰিছে।

এই পৰিপ্ৰেক্ষিতত প্রতিজন লােককে তালাচী চলােৱা হৈছে আৰু ইয়াৰ বিৰুদ্ধে অভিযান তীব্রতৰ হৈ থাকিব বুলি আয়ুক্তজনে কয়। উল্লেখ্য যে চুবুৰীয়া মণিপুৰ-মিজোৰাম আদিৰ পৰাই ৰাজ্যত নিয়ন্ত্রণ হয় ড্রাগছ ছিণ্ডিকেট।

শেহতীয়াকৈ আৰক্ষীয়ে জব্দ কৰা অধিকাংশই ড্ৰাগছ এই ৰাজ্যসমূহৰ পৰা আমদানি কৰাৰ তথ্য পােহৰলৈ আহিছে। আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰা অনুসৰি, ম্যানমাৰ হৈ এই নিচাযুক্ত সামগ্ৰীসমূহ চুবুৰীয়া ৰাজ্যসমূহলৈ সৰবৰাহ হয় আৰু তাৰ পৰাই সমগ্ৰ বজাৰ নিয়ন্ত্রিত হৈ আহিছে।

এই চোৰাং পথ ৰােধ কৰাটো ইমান সহজ নহয় যদিও অসম আৰক্ষীয়ে ইয়াৰ প্রচেষ্টা অব্যাহত ৰাখিছে বুলি আয়ুক্তজনে উল্লেখ কৰি কয় যে আৰক্ষীয়ে ড্রাগছ বিৰােধী অভিযান তীব্রতৰ কৰাৰ পাছতে বহিঃৰাজ্যৰ পৰা সৰবৰাহ বহু পৰিমাণে হ্রাস পায়।

সীমান্তৱর্তী জিলা কেইখনত বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰাৰ পথত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইজনক গ্রেপ্তাৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। সীমান্তত কোনাে বেৰ নথকাৰ ফলত নিষিদ্ধ দ্রব্য
সৰবৰাহৰ বহু চোৰাং পথ আছে বুলি সদৰী কৰি গুপ্তাই ৰাজ্যত ই ক্ৰমাৎ হ্রাস হােৱাৰ পাছত এই সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ চুবুৰীয়া ৰাজ্য কেইখনৰ আৰক্ষীৰ স’তে অসম আৰক্ষীয়ে এক আলােচনাত মিলিত হৈ সন্মিলিত অভিযান চলােৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে ৰাজ্যৰ কেবাটাও স্থানত পলাবলৈ চেষ্টা কৰা অৱস্থাত কে’বাজনাে ড্রাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গুলিচালনা কৰি কৰায়ত্ত কৰিছে। পলায়ন বা আক্ৰমণৰ চেষ্টা কৰা অপৰাধীক এইদৰে প্রত্যুত্তৰ দিবলৈ আৰক্ষীক কঠোৰ নির্দেশ দিয়া হৈছে।

এই সংক্রান্তত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই পলায়ন আৰু প্ৰতি আক্রমণ হলে আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে এনে পদক্ষেপ গ্রহণ কৰিব বুলি ব্যক্ত কৰি পলায়ন-আক্ৰমণৰ চেষ্টা নকৰি আত্মসমর্পণ কৰিবলৈ অপৰাধীক আহ্বান জনায়। উল্লেখ্য যে ড্ৰাগছ চিনাক্ত কৰিবলৈ আৰক্ষী থানাসমূহক ফৰেনচিক কিট যােগান ধৰা হৈছে।

Exit mobile version