মহাজোঁটক বিচ্ছেদ পত্ৰ দিলেই বিপিএফেঃ বিজেপি সভাপতি কলিতা

ভৱেশ কলিতাৰ নেতৃত্বত অধিক শক্তিশালী হ'ব দলঃ ৰঞ্জিত দাস

Bhabesh Kalita 26 eLRdE09

‘সমষ্টিৰ উন্নয়নৰ বাবে নীতি-আদৰ্শৰ লগত মিলা কোনোবা যদি বিজেপিলৈ আহিব বিচাৰে আহিব পাৰে ।’ ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত সভাপতি ভৱেশ কলিতাই কালি এই আহ্বান জনায় । শনিবাৰে সভাপতিৰূপে নিযুক্তি লাভ কৰাৰ পাছত কালি দলৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হোৱা কলিতাই দাবী কৰে যে বিজেপিয়েহে অসমৰ সৰ্বস্তৰত উন্নয়ন সাধিব পাৰিব; তাৰ স্পষ্ট আভাস অসমৰ ৰাইজে পাইছে ।

বিগত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত অসমৰ দ্ৰুত উন্নয়নৰ বাট মুকলি হৈছিল । তাৰ পাছত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ৪৫ দিনৰ চৰকাৰে শাসন ব্যৱস্থা কি দেখুৱাই দিছে । ইয়াৰ জৰিয়তে সমষ্টিৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নোহোৱাটো অধিক স্পষ্ট হৈছে । কলিতাই লগতে কয়, ‘সেয়েহে কৈছো যে আমাৰ দলৰ নীতি-আদৰ্শৰ লগত মিল থকা কোনোবা আহিব বিচাৰিলে আমি নিশ্চয় ল’ম । মহাজোঁটৰ এজন বিধায়ক আমাৰ দললৈ আহিলেই ।’

প্ৰসংগক্ৰমে কলিতাই মন্তব্য কৰে যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটক তেওঁ মহাজট বুলি আগতেই কৈছিল । এই মহাজটত বিপিএফ থাকিব নোৱাৰিলে । কলিতাই কয়, ‘বিপিএফকেই মহাজোঁটে বেছিদিন লগত ৰাখিব নোৱাৰিলে । ডাইভ’ৰ্চ লেটাৰ দিয়া হৈ গ’ল ।’

ইপিনে, সভাপতি নিৰ্বাচিত হোৱা সন্দৰ্ভত অনুভৱ ব্যক্ত কৰি কলিতাই কয় যে, ১৯৯১ত বিজেপিত যোগ দিওতে তেওঁ ভবাই নাছিল যে এদিন এনে এটা পদৰ দায়িত্ব দলে তেওঁক দিব । দলৰ সাধাৰণ কৰ্মকৰ্তাৰ পৰা আৰম্ভ কৰি বিভিন্ন দায়িত্ব তেওঁ পালন কৰিছে । এইবাৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে । বিজেপিতহে সাধাৰণ কৰ্মকৰ্তাৰ পৰা গৈ এজন লোক সভাপতি হ’ব পাৰে বুলি কলিতাই মন্তব্য কৰে । দলৰ সভাপতিৰূপে চৰকাৰৰ কাম-কাজ জনসাধাৰণৰ মাজলৈ নিয়াৰ উপৰি অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোকক বিজেপিৰ ছাতিৰ তললৈ আনি কাম কৰি যাব বুলিও কলিতাই কয় । প্ৰসংগক্ৰমে কলিতাই অসমত চলি থকা ড্ৰাগছ্ বিৰোধী অভিযানক প্ৰশংসা কৰে ।

সভাপতিৰ কাৰ্যভাৰ অহা ২৯ জুনৰ পাছত গ্ৰহণ কৰিব বুলি জনোৱা কলিতাই বিজেপিৰ কাৰ্যকালয়টো তেওঁলোকৰ বাবে মন্দিৰৰ দৰে আৰু সেইবাবেই আজি তেওঁ অহা বুলি কয় । সভাপতি নিৰ্বাচিত কৰাত তেওঁ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, দলৰ ৰাষ্ট্ৰীয় সভাপতি, অসমৰ নেতৃবৃন্দ সকলোকে ধন্যবাদ জনায় ।

‘ম‌ই সকলোৰে পৰা মৰম আৰু স্নেহ বিচাৰিছো’ বুলি প্ৰাৰ্থনা কৰি নৱনিৰ্বাচিত সভাপতিজনে লগতে দলীয় সকলোকে কয়, ‘এটা পৰিয়ালৰ মানসিকতাৰে কাম কৰিম । পৰিয়ালৰ মাজত শক্তি থাকিলে বিজেপিক কোনেও কেতিয়াও পৰাজিত কৰিব নোৱাৰে ।’ দলৰ বৰ্তমানৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভৱেশ কলিতাৰ নেতৃত্বত অসমত দল অধিক শক্তিশালী হ’ব বুলি আশা ব্যক্ত কৰে । তাৰ বাবে তেওঁ নেতৃত্বত সকলোৱে কাম কৰিব ।

Exit mobile version