মৃত্যু হৈছে এজনৰ পাছত এজন শীৰ্ষস্থানীয় নেতাৰ, আক্ৰান্ত বহু, ক’ভিডৰ ঢৌত বিপৰ্যস্ত মাওবাদী

2021 04 04T125344Z 1 LYNXMPEH3307T RTROPTP 3 INDIA MAOIST ATTACK 1617577822839 1617577864957

সমগ্ৰ দেশৰ লগতে ক’ভিডৰ দ্বিতীয় ঢৌত বিধ্বস্ত মাওবাদী শিবিৰো । সম্প্ৰতি চোৰোংচোৱা প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে । মাওবাদীসকলে প্ৰথমতে তেওঁলোকৰ শিবিৰত ক’ভিড সংক্ৰমণৰ কথা স্বীকাৰ কৰা নাছিল । কিন্তু এতিয়া তেওঁলোকেও এই তথ্য লুকুৱাই ৰাখিব পৰা নাই ।

মাওবাদীসকলৰ তেলেংগানা ৰাজ্য কমিটিৰ তৰফৰ পৰা প্ৰকাশিত এক বিবৃতিত কোৱা হয়, যোৱা ২১ জুনত কমিটিৰ সম্পাদক ইয়াপ্পা নাৰায়ণ ওৰফে হৰিভূষণৰ ক’ভিডত মৃত্যু হয় । তেওঁৰ ওপৰত আৰক্ষীয়ে ৪০ লাখ টকাৰ মূল্য ৰাখিছিল ‌। ইয়াৰ কিছুদিন পাছতেই ইন্দ্ৰাৱতী অঞ্চলত ৰাজ্যিক কমিটিৰ আন এজন সদস্যৰ ক’ভিডৰ ফলত মৃত্যু হয় । ছিদদাবোনা ছাৰাক্কা ওৰফে ভাৰতক্কা নামে এই মাওবাদীজনৰ ওপৰত আৰক্ষীয়ে আঠ লাখ টকাৰ মূল্য ৰাখিছিল ।

কেৱল এই দুই শীৰ্ষ নেতাই নহয়, সাম্প্ৰতিক কিছু চোৰাংচোৱা আৰু আৰক্ষীৰ ৰিপ’ৰ্ট অনুযায়ী, বিগত কেইমাহমানৰ ভিতৰত ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰায় ২০ জন মাওবাদীৰ মৃত্যু হৈছে । সংক্ৰমিতৰ সংখ্যাও প্ৰতিদিনে বৃদ্ধি পাইছে । ছত্তীছগঢ়ৰ মাওবাদী অধ্যুষিত অঞ্চলৰ এজন আৰক্ষী বিষয়াই কয়, তেওঁলোকে খবৰ লাভ কৰিছে যে সম্প্ৰতি ২০ জন মাওবাদী জংঘলত কৰ’না আক্ৰান্ত হৈ আছে ।

প্ৰথমে কৰ’না আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সংক্ৰমণৰ ভুৱা প্ৰচাৰ চলাইছে বুলি দাবী কৰিছিল মাওবাদী নেতৃত্বসকলে । কিন্তু এজনৰ পাছত এজন শীৰ্ষস্থানীয় নেতাসকলৰ মৃত্যুত ভাইৰাছ সংক্ৰমণ হোৱাৰ কথা স্বীকাৰ কৰিছে তেওঁলোকেও । আৰক্ষীয়ে কয়, মাওবাদী শিবিৰত ক’ভিড সংক্ৰমণ হোৱাৰ মূল কাৰণ হ’ল দ্বিতীয় ঢৌত প্ৰত্যন্ত গাঁওসমূহো বিপৰ্যস্ত । গাঁওবাসীসকলৰ স’তে নিয়মিত যোগাযোগ ৰাখিবলৈ গৈয়ে সংক্ৰমিত হৈছে মাওবাদীসকল ।

Exit mobile version