শিমলাগুৰী আৰক্ষী আৰু হাউলীৰ দশম চিআৰপিএফ বাহিনীৰ যৌথ অভিযান

অভিযানত ড্ৰাগছ সৰবাহকাৰী এজনক আটক

WhatsApp Image 2021 06 28 at 6.45.56 PM

ৰাজ‍্যত নতুনকৈ চৰকাৰ গঠন কৰাৰ পাছতেই সমগ্ৰ ৰাজ‍্যতে ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধ মূলক কাৰ্যৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাইছে।দেওবাৰে আবেলি শিমলাগুৰী আৰক্ষী আৰু হাউলীস্থ দশম চি আৰ পি এফৰ যৌথ অভিযান চলাই নিচাজাতীয় দ্ৰব‍্য ব্ৰাউন চুগাৰ সহ এজন যুৱক আটক কৰিবলৈ সক্ষম হয়।

তথ্য অনুসৰি আটকাধীন যুৱকজনৰ নাম ড্ৰাগছ সৰবৰাহকাৰী জইনাল আবদিন(৩৫)শিমলাগুৰী পহৰা চকীৰ ভাৰপ্রাপ্ত বিষয়া আকাশ ৰয় আৰু দশম বেটেলিয়ন চিআৰপিএফৰ নেতৃত্বত চলা যৌথ অভিযানত আটক কৰা সৰবৰাহকাৰীৰ পৰা এখন বাইকসহ জব্দ ৩৩.৮৮ গ্ৰাম ব্ৰাউন চুগাৰ, ১৮৬ খালী কন্টেইনাৰ, ২১ ভৰ্তি আৰু ১২৬ টা নিচাযুক্ত য়াবা টেবলেট আৰু এএছ-০১-এভি-১১২৯ নম্বৰৰ বাইক এখন জব্দ কৰিবলৈ সক্ষম হয়‌ ।

উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে আটক কৰা কে’বাজনো ড্ৰাগছ সৰবাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে আবেলি বৰপেটা চহৰৰ সমীপৰ চাপৰা গাঁৱৰ পৰা ড্ৰাগছ সৰবাহকাৰী জয়নাল আবদিনক আটক কৰা হয় বুলি শিমলাগুৰী আৰক্ষীয়ে জানিবলৈ দিয়ে ।

ড্ৰাগছ ব্যৱসায়ৰ স’তে জড়িত আটকাধীন যুৱকক সম্প্ৰতি আৰক্ষীয়ে জেৰা অব‍্যাহত ৰাখিছে ।

Exit mobile version