‘এক দেশ, এক ৰেচন কাৰ্ড’ ৩১জুলাইৰ ভিতৰত , ৰাজ্যসমূহক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

barandbench 2021 02 ae7e8255 85a8 4852 a0de ca4f4a7d9c8a Supreme Court 1

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ‘এক দেশ এক ৰেচন কাৰ্ড’ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ।অহা ৩১ জুলাইৰ ভিতৰত এইটো কাৰ্যকৰী কৰিব লাগিব বুলি জনাইছে শীৰ্ষ ন্যায়ালয়ে।লগতে আদালতে কেন্দ্ৰক প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ পঞ্জীয়নৰ বাবে এটা পৰ্টেল স্থাপন কৰিবলৈও নিৰ্দেশ দিয়ে।

নতুন এই আঁচনিৰ ফলত দেশৰ যিকোনো প্রান্তত থকা পৰিভ্ৰমী শ্ৰমিকসকল ৰেচনৰ পৰা বঞ্চিত নহ’ব।অসংগঠিত খণ্ডত কাম কৰা শ্ৰমিক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ নাম দ্ৰুতগতিত অন্তৰ্ভুক্ত কৰা হয় সেই বিষয়ে কেন্দ্ৰক পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে শীৰ্ষ ন্যায়ালয়ে ।

সমাজকৰ্মী হৰ্ষ মান্দৰ, অঞ্জলি ভৰদ্বাজ আৰু জগদীপ ছোকৰে এখন আবেদন দাখিল কৰিছিল। মঙলবাৰে সেই গোচৰটো উচ্চতম ন্যায়ালয়ত উত্থাপিত হয়। ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত এখন বিচাৰপীঠত গোচৰটো উত্থাপিত হোৱাৰ সময়ত আদালতে ‘এক দেশ এক ৰেচন কাৰ্ড’ প্ৰৱৰ্তনৰ নিৰ্দেশ দিয়ে। আৱেদনখনত কোৱা হৈছে যে, প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ৰেচন আৰু খাদ্য সুৰক্ষাৰ পৰা বঞ্চিত নকৰাৰ বিষয়টো চোৱাটো প্ৰয়োজনীয়।

Exit mobile version