ক’ভিশ্বিল্ড গ্ৰহণকাৰীৰ ইউৰােপ যাত্ৰাত সংশয়, ব্যৱস্থা গ্রহণৰ আশ্বাস পুনাৱালাৰ

adar poonawalla

এইবাৰ ক’ভিশ্বিল্ড প্রতিষেধক গ্ৰহণ কৰা ব্যক্তিয়ে বিদেশ ভ্রমণৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হ’ব। কিয়নাে ইউৰােপীয় সংঘৰ দেশসমূহে ‘প্রতিষেধক পাৰপত্ৰ’ৰ অনুমােদিত টিকাৰ তালিকাৰ পৰা বাদ দিলে ক’ভিশ্বিল্ডৰ নাম।

এনে পৰিস্থিতিত ভাৰতৰ পৰা ইউৰোেপলৈ যাব বিচৰা ব্যক্তিসকল সমস্যাগ্রস্ত হ’ব। বিশেষকৈ ইউৰােপৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত ভাৰতীয় ছাত্র-ছাত্রীসকল ইউৰােপীয় সংঘৰ এই সিদ্ধান্তৰ ফলত ক্ষতিগ্রস্ত হােৱাৰ সম্পূর্ণ শংকা আছে।

অৱশ্যে এই সমস্যাৰ সমাধান সূত্র নির্ণয়ৰ প্রতিশ্রুতি দিলে ভাৰতত ক’ভিশ্বিল্ড প্রস্তুতকাৰক ছিৰাম ইনষ্টিটিউটৰ মুৰব্বী আডৰ পুনাৱালাই। এক টুইটত সোমাবাৰে পুনাৱালাই কয়, ‘বহু ভাৰতীয়ই ক’ভিশ্বিল্ড টিকা লৈছে।

কিন্তু তেওঁলােকে এতিয়া ইউৰােপীয় সংঘৰ দেশলৈ যােৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। মই ক’ভিশ্বিল্ড লােৱা সকলােকে আশ্বস্ত কৰিব বিচাৰাে যে এই বিষয়টো আমি শীর্ষস্তৰক অৱগত কৰিছাে। আশা কৰিছাে আগন্তুক কেইদিনমানৰ ভিতৰতে টিকা নিয়ামক সংগঠক আৰু কূটনৈতিক পর্যায়ত এই সমস্যাৰ সমাধান ওলাব।’

Exit mobile version