জম্মুৰ সেনাৰ ঘাটিত পুনৰ বিচৰণ ৰহস্যজনক ড্ৰ’নৰ, গুলিবৰ্ষণ কৰি খেদিলে

85754 drone

ভাৰতীয় সেনাৰ তীক্ষ্ণ নীৰিক্ষণক ভেঙুচালি কৰি দেওবাৰে জম্মু-কাশ্মীৰৰ বায়ুসেনাৰ ঘাটিত সন্ত্ৰাসবাদীয়ে ড্ৰ’নৰে দুটাকৈ ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছিল । এইবাৰ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পুনৰ জম্মুৰ সেনাৰ ঘাটিত প্ৰৱেশ কৰিলে দুখন অচিনাকি ড্ৰ’নে্ । অৱশ্যে কোনো মাৰাত্মক ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই আকাশত বিচৰণ কৰা ড্ৰ’ন্ দুখন কৰ্তব্যৰত জোৱানৰ দৃষ্টিগোচৰ হয় আৰু লগে লগে সেনাই ড্ৰ’ন্ নিষ্ক্ৰিয় কৰিবলৈ গুলিবৰ্ষণ কৰে; কিন্তু দুয়োখন ড্ৰ’নৰ কোনো সন্ধান লাভ কৰা নহ’ল । সেনাই গুলিবৰ্ষণ কৰা মাত্ৰকে সুযোগ বুজি অন্ধকাৰ আকাশৰ পৰা পলায়ন কৰে ড্ৰ’নে্ । সম্প্ৰতি ড্ৰ’ন্ দুখনৰ সন্ধানত সেনাই তালাচী অব্যাহত ৰাখিছে ।

জম্মু-পাঠানকোট ৰাষ্ট্ৰীয় পথৰ সংলগ্ন কালুচক পৌৰ পথত সেনাৰ এক ঘাটি আছে । যোৱা নিশা ১১-৩০ বজাত প্ৰথমবাৰ এখন ড্ৰ’নক সেনাৰ ঘাটিৰ ওপৰেৰে বিচৰণ কৰা প্ৰত্যক্ষ হৈছিল । ড্ৰ’ন্‌খন দৃষ্টিগোচৰ হোৱা মাত্ৰকে অঞ্চলটোত টহলদাৰী সেনাকৰ্মীয়ে সতৰ্কতা অৱলম্বন কৰে আৰু লগে লগে ড্ৰ’নক লক্ষ্য কৰি গুলিবৰ্ষণ কৰিবলৈ ধৰে কিন্তু মাত্ৰ কেইমিনিটমানৰ ভিতৰতে ড্ৰ’ন্‌খন অদৃশ্য হয় ।

এই ঘটনাৰ পাছত দেওবাৰে নিশা ১-৩০ বজাত পুনৰ এখন ড্ৰ’নে্ সেনাৰ ঘাটিৰ ওপৰত বিচৰণ কৰাৰ সম্ভেদ লাভ কৰে ভাৰতীয় সেনাই । এইবাৰো সতৰ্কতা অৱলম্বন কৰি ড্ৰ’ন্‌খনক লক্ষ্য হিচাপে লৈ সেনাই গুলিবৰ্ষণ কৰে । ভাৰতীয় সেনাৰ সূত্ৰ‌ই কালি এই কথা প্ৰকাশ কৰি জনোৱা মতে, আকাশত উৰি থকা দুখন সন্দেহজনক ড্ৰ’নক লক্ষ্য হিচাপে লৈ ২০ৰ পৰা ২৫ জাঁই গুলিবৰ্ষণ কৰা হৈছিল । কিন্তু সোমবাৰৰ পুৱা পৰ্যন্ত ড্ৰ’ন্ দুখনৰ কোনো সন্ধান লাভ কৰা নহ’ল । সামৰিক ঘাটিৰ অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলটো ড্ৰ’ন্ দুখনৰ অস্তিত্বৰ সন্ধানথত ভাৰতীয় সেনাই তালাচী অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে যোৱা শনিবাৰে মাজ নিশা জম্মুৰ বিমানকোঠৰ ভিতৰত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিত দুখনকৈ বিস্ফোৰণ বহনকাৰী ড্ৰ’নে্ বিস্ফোৰণ সংঘটিত কৰিছিল । এই ঘটনাত ভাৰতীয় বায়ুসেনাৰ দুজন কৰ্মী আহত হৈছিল ।

তদুপৰি বায়ুসেনাৰ প্ৰযুক্তি বিভাগৰ সংলগ্ন এটা কোঠাও ক্ষতিগ্ৰস্ত হৈছিল । কোনে আৰু কিয় এই বিস্ফোৰক সমৃদ্ধ ড্ৰ’ন্ দুখন ভাৰতীয় সেনাৰ ঘাটিলৈ প্ৰেৰণ কৰিছিল সেই কথা এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই । অৱশ্যে এই ঘটনাত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ হাত থকা বুলি তদন্তকাৰীয়ে সন্দেহ কৰিছে । কিয়নো ইয়াৰ পূৰ্বেও একাধিকবাৰ সীমান্তৰ সিপাৰৰ পৰা ড্ৰ’নৰ মাধ্যমেৰে কাশ্মীৰ উপত্যকালৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ ঘটনা সেনাই ধৰা পেলাইছে ।

Exit mobile version