বাগসাৰ দাওধাৰা সংৰক্ষিত বনাঞ্চলত ভয়ংকৰ ঘটনা

বিদ্যালয় স্থাপনৰ নামত কাটি তহিলং কৰিলে মূল্যবান গছ-গছনি

মানাহৰ দাঁতিকাষৰীয়া তথা বাগসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত দাওধাৰা সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷বিদ্যালয় স্থাপনৰ নামত স্থানীয় এখন গাঁৱৰ লোকে কোনো অনুমতি অবিহনে কাটি তহিলং কৰিলে সংৰক্ষিত বনাঞ্চলখনৰ বহু মূল্যবান গছগছনি ৷

মানাহৰ দাওধাৰা বিট অফিচৰ পৰা মাত্ৰ তিনিশ মিটাৰ দূৰত্বত সংঘটিত হৈছে এই ঘটনা ৷ ইতিমধ্যে মানাহৰ বনবিভাগ আৰু শিমলা থানাৰ আৰক্ষীয়ে বনাঞ্চলখন পৰিদৰ্শন কৰি গছগছনি কটা বিষয়টোক লৈ তদন্ত আৰম্ভ কৰিছে ৷

বনবিভাগৰ এগৰাকী বিষয়াই ঘটনা সন্দৰ্ভত উল্লেখ কৰি কয় যে বিভাগীয় কোনো ধৰণৰ অনুমতি অবিহনে দাওধাৰা নামৰ গাঁওখনৰ প্ৰায় দেৰ দুই শতাধিক লোকে একালব্য স্কুল এখন স্থাপনৰ বাবে সংৰক্ষিত বনাঞ্চলখনত প্ৰৱেশ কৰি বহু মূল্যবান গছগছনি কটাৰ লগতে ঘাঁহ বন আদিও কাটি পেলায় ৷

ইতিমধ্যে বন বিভাগৰ ফালৰ পৰা সেই অঞ্চলৰ গাঁওবুঢ়াক মতাই আনি এনেধৰণৰ কাৰ্য বন্ধ কৰিবলৈ কোৱাৰ লগতে বনবিভাগৰ ফালৰপৰা গাঁওবাসীক সংৰক্ষিত বনাঞ্চলখনৰ কোনো ধৰণৰ গছগছনি নাকাটিবলৈ সঁকিয়াই দিয়া হয় ৷ লগতে আইনী ব্যৱস্থাৰে দোষীক কৰায়ত্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে বনবিভাগে ৷

তথ্য অনুসৰি বনাঞ্চলৰ গছগছনি কটাৰ লগত জড়িত দাওধাৰা অঞ্চলৰ একাংশ লোকক কৰায়ত্ত কৰি শিমলা আৰক্ষীয়ে জবানবন্দী গ্ৰহণ কৰিছে ।

Exit mobile version