বিজেপিলৈ বন্ধুত্বৰ প্ৰস্তাৱ বিপিএফৰ

বিৰোধীশূন্য হ'ব বিটিএডি ?

Well form govt with 70 seats says Hagrama Mohilary after joining hands with grand alliance

একপ্ৰকাৰ বিৰোধীশূন্য হোৱাৰ দিশলৈ আগবাঢ়িছে বিটিএডি ? শাসকীয় বিজেপিৰ নতুন ৰাজনৈতিক সংগী ইউপিপিএলে বিটিচি পৰিষদ দখল কৰি থকাৰ সময়তে সম্প্ৰতি ইয়াৰ বিৰোধী তথা বিজেপিৰ পূৰ্বৰ মিত্ৰদল বিপিএপফৰ স’তেও বন্ধুত্ব গঢ় লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । এইকেইদিন বিষ‌য়টোক লৈ চৰ্চা চলি থকাৰ সময়তে আজি বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে স্পষ্ট কৰি দিয়ে যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন দলে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সংগ ত্যাগ কৰিছে । দেওবাৰে দলৰ অন্যতম জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়ে মুকলিকৈ ঘোষণা কৰিছিল যে মহাজোঁটৰ স’তে সম্পৰ্ক ৰক্ষাৰ অধিক প্ৰয়োজনীয়তা নাই বিপিএফৰ । প্ৰয়োজনত তেওঁ বিপিএফক ত্যাগ কৰিব বুলিও মন্তব্য কৰে ।

ইয়াৰ পাছতে কালি প্ৰবীণ বড়োৱে কয় যে, মহাজোঁটৰ স’তে তেওঁলোকৰ মিত্ৰতা নিৰ্বাচনকেন্দ্ৰীকহে আছিল । বিজেপি বিৰোধী চৰকাৰ গঠনৰ ইচ্ছাৰে দলসমূহ একগোট হৈছিল । এই অভিযান ব্যৰ্থ হ’ল । গতিকে এতিয়া আৰু মহাজোঁটত অংশীদাৰ হৈ থকাৰ প্ৰশ্ন নুঠে বুলি বড়োৱে ‘দৈনিক অগ্ৰদূত’ক কয় ।

তেওঁ কয় যে, সৰ্বকালৰ বাবে মহাজোঁট গঠন হোৱা নাই । বিপিএফৰ বাবে এতিয়া মহাজোঁটৰ স’তে থকাটো অপ্ৰাসংগিক । নিৰ্বাচন অন্ত পৰাৰ পাছত মহাজোঁটত থকাৰ কোনো যুক্তিযুক্ততা নাই বুলি কয় বড়োৱে । নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাছত এতিয়া মহাজোঁটৰ কি কাম আছে বুলিও প্ৰশ্ন কৰি তেওঁ কয় যে, এই পৰিস্থিতিত মহাজোঁটত থকাৰ কোনো প্ৰশ্ন নুঠে । আনহাতে, বিজেপিত চামিল হ’বলৈ বিপিএফক আহ্বান জনাইছে বুলি চৰ্চা চলি থকাৰ সময়তে বিপিএফ নেতাজনে কয় যে এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ স’তে চামিল হোৱাৰ ক্ষেত্ৰত যথেষ্ট কাৰিকৰী সুবিধা আছে । তদুপৰি বিপিএফৰ উল্লেখযোগ্য উপস্থিতি আছে ।

তেওঁ কয় যে, এই সম্পৰ্কে দলৰ সাধাৰণ পৰিষদত আলোচনাৰ পাছত নিৰ্বাচন আয়োগক অৱগত কৰিব লাগিব । ইয়াৰ বাবে এক দীঘলীয়া প্ৰক্ৰিয়া আছে । এই বিষয়ে কোনো চিন্তা-চৰ্চা হোৱা নাই বুলি তেওঁ স্পষ্ট কৰি কয় যে, সাম্প্ৰতিক পৰিস্থিতিত আন দলৰ স’তে চামিল হোৱাৰ কোনো অৱকাশ হোৱা নাই । অৱশ্যে দল বিজেপিৰ স’তে সম্পৰ্ক ৰক্ষাৰ বাবে আগ্ৰহী বুলি বিপিএফ নেতাজনে স্পষ্ট কৰে ।

বিজেপিমুখী বিপিএফ

অলপতে দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ প্ৰতিনিধি দলে মুখ্যমন্ত্ৰীৰ পুঁজিলৈ বৰঙণি আগবঢ়োৱাৰ সময়ত চৰকাৰৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰিছিল । চৰকাৰৰ কাষ চাপিবলৈ ইচ্ছা প্ৰকাশ কৰি বিপিএফে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স’তে হোৱা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত চৰকাৰৰ স’তে একেলগে সহযোগিতাৰে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে । চৰকাৰক তেওঁলোকে সহযোগিতা কৰিব বুলি কোৱাৰ লগতে বিজেপি চৰকাৰখনে যাতে বিপিএফক বিৰোধী দল হিচাপে গণ্য নকৰে তাৰ বাবে আহ্বান জনায় । এই বিষয়টোৰ প্ৰতি বিজেপিয়ে ইতিবাচক সঁহাৰি আগবঢ়াইছে ।

প্ৰবীণ বড়োৱে কালি কয় যে, ষষ্ঠ অনুসূচীৰ অধীনস্থ আইন সংগত নীতি-নিয়ম বিটিচি পৰিষদত প্ৰযোজ্য হ’ব লাগে । অলপতে ১৬টা বিভাগত বিটিএডিৰ অধীনস্থ চাৰিখন জিলাৰ উপায়ুক্তসকলক পুনৰীক্ষণৰ বাবে এক জাননী জাৰি কৰা হৈছে । বড়োৱে কয় যে, এই ক্ষেত্ৰত উপায়ুক্তসকলৰ ক্ষমতা আৰু সামৰ্থ্য সন্দৰ্ভত আলোচনা হ’ব লাগে । বিটিচি চুক্তিত এই বিষয়টো উল্লেখ নাই হেতুকে ই চুক্তিৰ পৰিপন্থী বুলি তেওঁ কয় ।

বিপিএফ নেতাজনে কয় যে, বিটিচি আইন দেশৰ সংসদত গৃহীত হৈছে । এই পৰ্যন্ত বিটিআৰ সাংবিধানিকভাৱে স্বীকৃত হোৱা নাই । পূৰ্বতে বিএচি আছিল আৰু সেয়া বাতিল কৰি বিটিচি হৈছে । এতিয়া বিটিচি বাতিল নকৰাকৈ বিটিআৰৰ আইনগত বৈধতা নাথাকে বুলি তেওঁ দাবী কৰে । বিপিএফ নেতাজনে নৱগঠিত বিটিচি পৰিষদে পূৰ্বৰ বিপিএফৰ কাৰ্যকালৰ দৰে সকলোকে লগত লৈ কাম কৰা নাই বুলি সমালোচনা কৰে । তেওঁ কয় যে সকলো সম্প্ৰদায়ৰ মাজত বিপিএফৰ গ্ৰহণযোগ্যতা অধিক । বিপিএফে আন কিছুমান দলৰ দৰে বিশেষ সম্প্ৰদায়ৰ কথা কেৱল নকয় ।

ইপিনে, বিজেপি চৰকাৰৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি বিপিএফে স্থিতি গ্ৰহণ কৰাৰ লগে লগে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে । পুনৰ মিত্ৰতাৰ জৰিয়তে বিপিএফে বিটিচি পৰিষদৰ নেতৃত্ব ল’বলৈ এডেও-দুডেওকৈ আগবাঢ়িব নেকি বুলিও প্ৰশ্ন উঠিছে । অৱশ্যে এই সম্পৰ্কত বিপিএফ নেতা প্ৰবীণ বড়োৱে কয় যে তেওঁলোকে ক্ষমতা বিচাৰি যোৱা নাই । বিৰোধী দল হিচাপে শাসকীয় বিজেপিৰ স’তে যুঁজ-বাগৰ কৰি নাথাকে বুলিহে কৈছে ।

মনকৰিবলগীয়া যে বিপিএফে ইউপিপিএল নেতা প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি পৰিষদৰ অধিবেশনসমূহত অংশ নোলোৱাকৈ দীৰ্ঘদিন চৰ্চা চলি আছে । তেওঁ কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে নতুন বিটিচি পৰিষদৰ শপতগ্ৰহণৰ প্ৰক্ৰিয়াক লৈ বিপিএফে গোচৰ ৰুজু কৰাৰ পাছত ‘কম্পজিট ফ্ল’ৰ টেষ্ট’ অৰ্থাৎ আস্থা ভোটৰ নিৰ্দেশ আছিল যদিও সেয়া অমান্য কৰা হৈছে । বিপিএফৰ মতে প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদখন বৈধ নহয় । আদালতৰ ৰায়ৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছে । সেয়েহে তেওঁলোকে পৰিষদৰ অধিবেশনত অংশ লোৱা নাই ।

হাগ্ৰামালৈ কি প্ৰস্তাৱ ?

সূত্ৰত প্ৰকাশ কৰে যে হাগ্ৰামা মহিলাৰীয়ে বিগত কে’বাদিন ধৰি দিছপুৰত বাহৰ পাতি আছে । সূত্ৰটোৱে জনোৱা মতে সম্প্ৰতি বিশ্বজিৎ দৈমাৰীয়ে সাংসদ পদ ত্যাগ কৰি বিজেপিত যোগদানৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিলৈ অহাৰ পাছত দিল্লীত বড়ো জনপ্ৰতিনিধিৰ শূন্যতা পূৰণ কৰিবলৈ বিজেপিৰ তৰফৰ পৰা মহিলাৰীক প্ৰস্তাৱ দিয়া হৈছে ।

মুখ্যমন্ত্ৰী ড° শৰ্মাৰ স’তে মহিলাৰী প্ৰত্যক্ষ যোগাযোগত থকা বুলিও সূত্ৰটোৱে কয় । আনহাতে, বিজেপিয়ে এতিয়াও বিপিএফক চামিল কৰাৰ প্ৰস্তাৱতে দৃঢ় হৈ আছে । বিপিএফৰ অন্যতম নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীকে আদি কৰি বিপিএফৰ এটা শিবিৰ বিজেপিমুখী হৈছে । দৈমাৰীকে ধৰি বহুতে মুকলিকৈ বিজেপিত চামিল হোৱাৰ বাবেও ইতস্ততঃ নকৰে বুলি প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰকাশ কৰিছে । মহিলাৰীয়ে বিজেপিমুখী নহ’লে তেওঁক একাষৰীয়া কৰাৰ ইংগিতো বিজেপিয়ে দিয়া বুলি সূত্ৰত প্ৰকাশ । এই পৰিস্থিতিত বিপিএফত ভাঙোন হ’ব নেকি বুলিও চৰ্চা হৈছে ।

ইতিমধ্যে বিটিএডিত দুৰ্বল বিৰোধী কংগ্ৰেছৰ অৱস্থিতি । দীৰ্ঘসময় বিটিএডি পৰিচালনা কৰা বিপিএফৰ স’তে মিত্ৰতা থাকিও সংগঠন কৰিব নোৱাৰিলে কংগ্ৰেছে । ইয়াৰ বিপৰীতে বিজেপিয়ে সংগঠন শক্তিশালী কৰি তুলিছে ক্ৰমাৎ । বিটিএডিৰ দুই প্ৰধান দল ইউপিপিএল আৰু বিপিএফ উভয়ে যদি বিজেপিৰ সংগী হয় তেন্তে বড়োভূমিত বিজেপিৰ বিৰোধী শূন্য হ’ব বুলিয়ে সূত্ৰত প্ৰকাশ ।

কি ক’লে ৰিপুন বৰাই ?

বিপিএফৰ বিজেপিমুখী স্থিতি প্ৰকাশ হোৱাৰ পাছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই কয় যে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে বিপিএফে তেওঁলোকক কোনো কথাই জনোৱা নাই । সেয়েহে বিপিএফে অথবা হাগ্ৰামা মহিলাৰীয়ে তেওঁলোকক আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰা পৰ্যন্ত প্ৰতিক্ৰিয়া দিব নোৱাৰে । তেওঁ কয়, ‘আদৰ্শগত কাৰণত আমি মহাজোঁট গঠন কৰিছিলো । বিজেপিক পৰাজিত কৰাৰ লক্ষ্যৰে বিপিএফৰ স’তেও আমি মিত্ৰতা কৰিছিলো । আমাৰ আশা বিপিএফ আমাৰ স’তে থাকিব । অনাগত দিনটো বিপিএফ আমাৰ স’তে থাকক ।’

Exit mobile version