ভাৰত, চীন, ব্রাজিল আৰু আমেৰিকাত ক’ভিড কালত বৃদ্ধি পালে ধনী আৰু অতিধনীৰ আয়

ক'ভিডত বিপর্যস্ত দেশৰ অর্থনীতি, কিন্তু বাঢ়িছে ধনীৰ আয়

ক’ভিড অতিমাৰীৰ দ্বিতীয়টো সংক্রমণে ভাৰতীয় অর্থনীতিত মাধমাৰ শােধালে। অতিমাৰীৰ মাজতে সমগ্র বিশ্বত একাংশ ধনাঢ্য ব্যাপক সম্পত্তি বৃদ্ধিৰ ধাৰা অব্যাহত থকাৰ সময়তে আকৌ এবাৰ অর্থনৈতিক সংকোচনৰ সন্মুখীন হ’ল ভাৰত।

২০২১ বৰ্ষত বিশ্বজুৰি অর্থনৈতিক বৃদ্ধিৰ হাৰ ৭.৮ শতাংশ হােৱাৰ বিপৰীতে একে সময়তে ভাৰতৰ অর্থনৈতিক সংকোচনৰ হাৰ হৈছে।৪.৪ শতাংশ। তদুপৰি ক’ভিড পৰিস্থিতিত জনমুৰি আয়ৰ নিৰিখতাে বহু পিছপৰি আছে।

ভাৰত অতিমাৰীৰ এই সময়ছােৱাত কর্মসংস্থান হেৰুওৱা, দৰমহা কর্তন, সীমাহীন নিবনুৱা সমস্যাৰ ফলত সর্বনিম্ন হৈছে দেশৰ অর্থনৈতিক অৱস্থা। অর্থনীতিৰ এই অৱস্থা প্রত্যক্ষ কৰি দেশৰ অর্থনীতিবিদসকলে মূৰে-কপালে হাত তুলিছে।

ক্রেডিট ছুইচৰ এক সমীক্ষাৰ তথ্য অনুসৰি, ২০২১ বৰ্ষত পাৰিবাৰিক সম্পত্তিৰ নিৰিখত প্রতি পৰিয়ালৰ সম্পত্তি ৪.৪ শতাংশ হ্রাস পাইছে। ভাৰতীয় মুদ্রাত টকাৰ হিচাপত এই পৰিমাণ হ’ব ৪৪০ কোটি টকা। ব্যক্তি সম্পত্তিৰ ঘাটিৰ পৰিমাণ ইয়াতকৈও অধিক। ৬.১ শতাংশ হাক্ত হ্রাস পাইছে দেশত গড় ব্যক্তি-সম্পত্তিৰ পৰিমাণ।

সমীক্ষা অনুসৰি, ২০২০ বৰ্ষত ভাৰতত গড় ব্যক্তি-সম্পত্তিৰ মুঠ পৰিমাণ আছিল ১০ লাখ ৫৭ হেজাৰ ১৭৭ টকা। ২০০০ বৰ্ষৰ পৰা ২০২০ বৰ্ষলৈকে প্রতি বছৰে এই সম্পত্তি ৮.৮ শতাংশ হাৰত বৃদ্ধি পাই আহিছিল। আন্তর্জাতিক স্তৰত এই বৃদ্ধিৰ পৰিমাণ আছিল ৪.৮ শতাংশ।

কিন্তু মহামাৰীৰ প্ৰভাৱ আৰু দেশৰ অর্থনৈতিক ব্যৱস্থাৰ দুৰৱস্থাৰ ফলত চলিত বৰ্ষত এই বৃদ্ধি নেতিবাচক হ’ল। অৱশ্যে দেশত সম্পদ আৰু সংস্থাপন হ্রাস পালেও অতিমাৰীৰ কালত কার্যতঃ একাংশ ধনাঢ্য লােকৰ আয় বৃদ্ধি পাইছে। ভাৰত, চীন, ব্রাজিল আৰু আমেৰিকা—এই চাৰিখন দেশত ক’ভিড কালত বৃদ্ধি পালে ধনী আৰু অতিধনীৰ আয়।

বর্তমানে ভাৰতত অতিধনীৰ সংখ্যা হৈছে ৪,৩২০ জন। এই ৪,৩২০ জন ধনাঢ্য লােকৰ প্রত্যকৰে উপাৰ্জনৰ পৰিমাণ ৭০ কোটি টকাৰ অধিক। আন্তর্জাতিক স্তৰতাে বৃদ্ধি পাইছে ধনী আৰু অতিধনীৰ সম্পত্তিৰ পৰিমাণ।

Exit mobile version