৬৫ উর্ধ্বৰ তুলনাত ৫০ অনূর্ধ্বৰ মাজত ক’ভিডত মৃত্যুৰ হাৰ অধিক

3586

বহুতে ধাৰণা কৰাৰ দৰে ক’ভিড-১৯ত ভাৰতত বয়ােজ্যেষ্ঠ নাগৰিকৰ অধিক প্রাণহানি ঘটা নাই। বঞ্চ তুলনামূলকভাৱে তৰুণ প্রজন্মৰ মাজতহে কৰ’নাত মৃত্যুৰ হাৰ অধিক হৈছে। এই তথ্য প্রকাশ পালে অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ) দিল্লীৰ চিকিৎসক-গৱেষকে চলােৱা এক সমীক্ষামূলক অধ্যয়নত।

এই অধ্যয়নৰ তথ্য অনুসৰি, ৬৫ বছৰ ঊর্ধ্বৰ বয়সৰ লােকৰ তুলনাত ভাৰতত ৫০ অনুর্ধ্ব বয়সৰ ক’ভিড ৰােগীৰ মাজত মৃত্যুৰ হাৰ অধিক হৈছে। এইমছ দিল্লীৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া, এইছ ট্রমা চেণ্টাৰৰ মুৰব্বী ডাঃ ৰাজেশ মালহােত্রা আৰু আন কে’বাজনাে বিশেষজ্ঞই চলােৱা এই সমীক্ষামূলক অধ্যয়নৰ প্রতিবেদন ইণ্ডিয়ান জাৰ্ণেল অৱ ক্রিটিকেল কেয়াৰ মেডিচিনত প্ৰকাশ পাইছে।

২০২০ৰ চাৰি এপ্রিলৰ পৰা ২৪ জুলাইৰ সময়ছােৱাত চিকিৎসাধীন হােৱা প্রাপ্তবয়স্ক ক’ভিড ৰােগীৰ মৃত্যুৰ তথ্য বিশ্লেষণ কৰি এইছৰ গৱেষকৰ দলটোৱে অধ্যয়নটো চলাইছিল। ভাৰতৰ ক’ভিড চেণ্টাৰসমূহত চিকিৎসাধীন ক’ভিড ৰােগীৰ মৃত্যুৰ কাৰণ বিশ্লেষণ কৰাৰ লক্ষ্যৰে ডাঃ গুলেৰিয়াৰ নেতৃত্বত অধ্যয়নটো সম্পন্ন কৰা হৈছিল।

এই সময়ছােৱাত মুঠ ৬৫৪ জন প্রাপ্তবয়স্ক ক’ভিড ৰােগীক আই চি ইউত ভর্তি কৰােৱা হৈছিল আৰু এইসকল ৰােগীৰ ২৪৭ জনৰ মৃত্যু হৈছিল। আই চি ইউত মৃত্যু হােৱা ৰােগীৰ মৃত্যুৰ হাৰ আছিল ৩৭.৭ শতাংশ। এইদৰে মৃত্যুমুখত পৰা ক’ভিড ৰােগীসকলক বয়স অনুসৰি, তিনিটা ভাগত ক্রমে ১৮-৫০ বছৰ, ৫১-৬৫ বছৰ আৰু ৬৫ ঊর্ধ্বৰ শ্ৰেণীত বিভক্ত কৰা হৈছিল।

ক’ভিডত উক্ত সময়ছােৱাত দেশত মৃত্যু হােৱা ৰােগীসকলৰ ৪২.১ শতাংশৰ বয়স আছিল ১৮-৫০ বছৰৰ ভিতৰত। আনহাতে, ৩৪.৮ শতাংশ মৃতকৰ বয়স ৫১-৬৫ বছৰৰ ভিতৰত আছিল। আনহাতে, ২৩.১ শতাংশ ক’ভিডত মৃত্যু হােৱা লােকৰ বয়সহে ৬৫ৰ ঊর্ধ্বৰ আছিল।

ক’ভিডত মৃত্যু ঘটা লােকসকলৰ সৰহসংখ্যকৰে উচ্চ ৰক্তচাপ, মধুমেহ, বৃক্ক ৰােগৰ লগতে জ্বৰ, কাহ আৰু শ্বাসকষ্টৰ সমস্যা আছিল। আই চি ইউত মৃত্যু হােৱা ৰােগীৰ সন্দৰ্ভত সকলাে তথ্যপাতি এই অধ্যয়নত বিশেষজ্ঞৰ দলটোৱে বৈদ্যুতিন সংবাদ মাধ্যমৰ প্রতিবেদন, ৰােগীৰ দৈনিক স্বাস্থ্যৰ প্রতিবেদন আৰু নাৰ্ছৰ টোকাৰ পৰা সংগ্রহ কৰিছিল।

একেটা প্রতিবেদনতে উল্লেখ কৰা মতে, ২০২০ৰ চাৰি এপ্রিলৰ পৰা ২৪ জুলাইৰ সময়ছােৱাত দেশত মুঠ ৪৬ জন শিশু আই চি ইউত ক’ভিড সংক্ৰমণৰ কাৰণত ভর্তি কৰােৱা হৈছিল আৰু এইসকল শিশু ক’ভিড ৰােগীৰ ছজনৰ মৃত্যু হৈছিল। শিশুসকলৰ মাজত ক’ভিডত দেশত আই চি ইউত হােৱা মৃত্যুৰ হাৰ আছিল ১৩ শতাংশ।

Exit mobile version