ভাৰতৰ টুইটাৰৰ মুৰব্বী মনিষ মহেশ্বৰীক আটক উত্তৰপ্ৰদেশ আৰক্ষীৰ

MD1

ভাৰতৰ টুইটাৰৰ মুৰব্বী মনিষ মহেশ্বৰীক মঙলবাৰে আটক কৰিলে উত্তৰপ্ৰদেশৰ আৰক্ষীয়ে । তথ্য অনুসৰি, টুইটাৰত বিকৃত মানচিত্ৰ প্ৰকাশক লৈ হোৱা বিতৰ্কৰ বাবে আটক কৰা হয় মনিষক ।

বজৰং দলৰ এজন নেতাই বিকৃত মানচিত্ৰক লৈ উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত অভিযোগ দাখিল কৰে । সেই অভিযোগৰ ভিত্তিতে দাখিল কৰা হয় এজাহাৰ । ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৫(২) আৰু তথ্য প্ৰযুক্তি সংশোধিত আইন, ২০০৮ৰ ৭৪ ধাৰাৰ অধীনত মনীষৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে উত্তৰপ্ৰদেশৰ আৰক্ষীয়ে । তাৰ পাছতে আটক কৰা হয় মনীষক ।

নতুন ডিজিটেল আইনক লৈ ইতিমধ্যেই টুইটাৰ কৰ্তৃপক্ষৰ স’তে কিছু সংঘাত চলি আছিল কেন্দ্ৰ চৰকাৰৰ । এই পৰিস্থিতিতে উদ্বেগৰ সৃষ্টি কৰিছে ভাৰতৰ মানচিত্ৰ বিতৰ্কই ।

টুইটাৰৰ অধীনত ‘টুইপ লাইফ’ বিভাগত ভাৰতৰ এখন মানচিত্ৰ দৃশ্যমান হৈছিল। সেই মানচিত্ৰখনত জম্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ বাহিৰত দেখুৱাৰ অভিযোগ । পৃথক দেশ হিচাপে দেখা গৈছে ভাৰতৰ একেবাৰে উত্তৰৰ সেই অংশক ।

এই মানচিত্ৰক লৈ আপত্তি কৰিছে একাংশই । অৱশ্যে সোমবাৰে নিশা টুইটাৰৰ ৱেবছাইটৰ পৰা বিতৰ্কিত মানচিত্ৰখন আঁতৰোৱা হয় । কিন্তু বিষয়টোক লৈ টুইটাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী উঠিছিল । উত্তৰপ্ৰদেশ আৰক্ষীয়ে ইয়াৰ আগতেও গাজিয়াবাদত এজন মুছলমান লোকক আক্ৰমণ কৰাৰ ভিডিঅ’ৰ ওপৰত সোধ-পোছৰ বাবে মহেশ্বৰীক মাতি পঠিয়াইছিল ।

Exit mobile version