উপগ্ৰহ চিত্ৰত ধৰা পৰিল ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য

Ram Mandir Construction satellite image

উপগ্ৰহ চিত্ৰত ধৰা পৰিল অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণস্থল । দ্ৰুতগতিত চলিছে প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণৰ কাম । নিৰ্মাণ কাৰ্য চলা ভূমিত খননকাৰ্য আৰু মন্দিৰৰ কাঠামো গঠনৰ ছবি স্পষ্টভাৱে দেখা গৈছে উপগ্ৰহ চিত্ৰত ।

শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ‌ই জনাইছে, বিশেষজ্ঞসকলৰ পৰামৰ্শমৰ্মে মন্দিৰৰ কাঠামোৰ বাবে অতিৰিক্ত কংক্ৰিতৰ স্তৰ নিৰ্মাণ কৰা হৈছে । মন্দিৰ নিৰ্মাণত ৰোলাৰ কম্পেক্টেড্ (আৰচিচি) কৌশল ব্যৱহাৰ কৰা হৈছে ।

ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ‌ই আৰু জনায়, এক লাখ ২০ হেজাৰ বৰ্গফুট স্থানত ৪০-৪৫টা কংক্ৰিতৰ স্তৰ তৈয়াৰ কৰা হৈছে । ইয়াৰ ভিতৰত চাৰিটা স্তৰ তৈয়াৰ কাৰ্য সম্পন্ন হৈছে । সম্পূৰ্ণ চত্বৰ পৰিষ্কাৰ হ’লে আটাইতকৈ ডাঙৰ স্তৰটো নিৰ্মাণ কৰা হ’ব । এই আৰচিচি পদ্ধতিত কাঠামো অধিক মজবুত হ’ব বুলি দাবী কৰে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ‌ই ।

Exit mobile version