কলগাছিয়া খণ্ড প্ৰাথমিক বিদ্যালয়ত আৱতৰীয়া বানপানী, ভেকচিন প্ৰদানত অসুবিধা, কুম্ভকৰ্ণ নিদ্ৰাত বৰপেটা জিলা প্ৰশাসন

WhatsApp Image 2021 06 30 at 7.56.14 AM

যোৱা নিশা ধাৰাষাৰ বৰষুণৰ ফলত কলগাছিয়া খণ্ড প্ৰাথমিক চিকিৎসালয়ত এজাক বৰষুণতে কোঠালীসমূহত একাঠু পানী জমা হোৱাত বন্ধ হৈ পৰিছে সকলো ধৰণৰ চিকিৎসা সেৱাৰ লগতে অন্যান্য কাম-কাজ। ফলত ক’ভিড-১৯ ৰ ভেকচিন ল’বলৈ অহা ব্যক্তিসকলে ভেকচিন নোলোৱাকৈ উভতি যোৱা দেখা গৈছে । ৰোগীসকলৰ মাজত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ । বন্ধ হৈ পৰিছে জৰুৰীকালীন ১০৮ সেৱা ।

ইফালে চিকিৎস্যালয়খনৰ আবাসিক কোঠালীসমূহতো সেই একেই পৰিস্থিতি, ভিতৰত পানী সোমোৱাত হাহাকাৰৰ সৃষ্টি হৈছে স্বাস্থ্য কৰ্মীসকলৰ মাজত । এই ক্ষেত্ৰত মহকুমা চিকিৎসা বিষয়াগৰাকীয়ে বৰপেটা জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰিও সুফল নোপোৱাৰ অভিযোগ উঠিছে ।

একমাত্ৰ বৰপেটা জিলা প্ৰশাসনৰ হেমাহিৰ বাবেই এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ৰাইজে জানিবলৈ দিয়াৰ লগতে অচিৰেই নলা নিৰ্মাণ কৰি পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰি চিকিৎস্যালয়খনৰ কাম-কাজ সুচল কৰিবলৈ জিলা প্ৰশাসন, জনীয়াৰ বিধায়ক আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

Exit mobile version