দ্বিতীয় টৌত অসমৰ ১৮ৰ অনূর্ধ্বৰ সংক্রমণ বৃদ্ধি পালে ৯৬.৬৭ শতাংশ

75724995

সমগ্র দেশজুৰি ক’ভিডৰ সংক্রমণ হ্রাস পাবলৈ ধৰাৰ সময়তে অসমত ভয়াৱহ তথ্য প্রকাশিত হৈছে। ৰাষ্ট্রীয় স্বাস্থ্য মিছন অসমে প্রকাশ কৰা তথ্য অনুসৰি ক’ভিডৰ দ্বিতীয় টৌত যােৱা এক এপ্রিলৰ পৰা ২৬ জুনলৈ ৰাজ্যত দুই লাখ ৮০ হেজাৰ ৫০৪জন আক্ৰান্ত হৈছে।

ইয়াৰে ১৮ বছৰৰ তলৰ আক্ৰান্তৰ সংখ্যা ৩৪,৬০৬জন। উদ্বেগজনকভাৱে ক’ভিড অতিমাৰীৰ প্রথম ঢৌতকৈ দ্বিতীয় টৌত ৰাজ্যত ১৮ বছৰ অনূর্ধ্বৰ শিশু আৰু কিশােৰ-কিশােৰীৰ সংক্রমণ হাৰ ৯৬.৬৭ শতাংশ বৃদ্ধি পাইছে। অথচ ৰাজ্যত মুঠ সংক্রমণৰ হাৰৰ বৃদ্ধিৰ পৰিমাণ ২৭.৩১ শতাংশ।

ৰাজ্যখনত ১৮ বছৰ অনূর্ধ্বৰ মৃত্যুৰ সংখ্যাও তিনিগুণতকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত ৫৫ শতাংশই শূন্যৰ পৰা পাঁচ বছৰ বয়সৰ ভিতৰৰ কণমানি শিশু। কৰ’নাৰ ভয়াৱহ ডেল্টা প্লাছ প্রজাতিয়ে দেশত ইতিমধ্যে আতংক সৃষ্টি কৰাৰ সময়তে আৰু ইয়াৰ দ্বাৰা ক’ভিডৰ তৃতীয় ঢৌৰ সম্ভাব্য আগমনৰ আগমুহূর্তত এই তথ্যই ৰাজ্যলৈ শংকাৰ বতৰা কঢ়িয়াইছে।

বিশেষজ্ঞসকলৰ মতে, দ্বিতীয় ঢৌৰ ডেল্টা প্রজাতিতকৈ সম্ভাব্য তৃতীয় ঢৌৰ ডেল্টা প্লাছ প্রজাতিয়ে শিশু অধিক ৰূপত সংক্রমিত কৰিব পাৰে। মনকৰিবলগীয়া যে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে এপ্রিল আৰু মে’ত সংগ্রহ কৰা নমুনা পৰীক্ষাত ৬৭ শতাংশ ডেল্টা প্ৰজাতিৰ উপস্থিতিৰ তথ্য লাভ কৰা হৈছে।

ৰাষ্ট্রীয় স্বাস্থ্য মিছন অসমে প্রকাশ কৰা তথ্য অনুসৰি ৰাজ্যত প্রথম টৌত শূন্যৰ পৰা ১৮ বছৰ বয়সৰ সংক্রমিতৰ সংখ্যা আছিল ১৭,৪৫৭ আৰু দ্বিতীয় টৌত ৩৪,৩৩৩জনলৈ বৃদ্ধি পালে। ইয়াৰে ভিতৰত ৩,০১৪টা শিশু আৰু ১৪,৪৪৩টা ছয়ৰ পৰা ১৮ বছৰ বয়সৰ নাবালক তথা কিশােৰ-কিশােৰী।

২০২০ ৩১ মার্চত ক’ভিডৰ প্ৰথম ঢৌ আৰম্ভ হােৱাৰ পৰা ২০২১ মার্চলৈ প্রথম টৌৰ এই তথ্য প্রকাশ কৰা হৈছে। ইপিনে, দ্বিতীয় টৌত অর্থাৎ ২০২১ৰ এক এপ্রিলৰ পৰা ২৫ জুনলৈ উপলব্ধ তথ্য অনুসৰি দ্বিতীয় টৌত এই সংখ্যা বৃদ্ধি হৈ ৫,৭৭৮টা শিশু (০-৫) আৰু ১৮ বছৰৰ তলৰ বাকী ২৮,৫৫৫জন সংক্রমিত হৈছে।

অর্থাৎ শূন্যৰ পৰা পাঁচ বছৰলৈ শিশুৰ ক্ষেত্ৰত প্রথম ঢৌৰ পৰা দ্বিতীয় টৌলৈ সংক্রমণ বৃদ্ধিৰ হাৰ ৯১.৭০ শতাংশ আৰু ছয়ৰ পৰা ১৮ বছৰ বয়সকালৰ ভিতৰত সংক্ৰমণৰ বৃদ্ধিৰ হাৰ ৯৭.৭১ শতাংশ। একে সময়তে শিশুৰ মৃত্যুৰ তথ্যও অত্যন্ত উদ্বেগজনক। প্রথমটো ঢৌ মাত্র তিনিটা শিশুৰ মৃত্যু হােৱাৰ বিপৰীতে দ্বিতীয় টৌত এই পৰিসংখ্যা ছগুণ বৃদ্ধি হৈছে।

দ্বিতীয় ঢৌৱে ১৯টা শিশুৰ জীৱন কাঢ়ি নিলে। ইপিনে, ছয়ৰ পৰা ১৮ বছৰ বয়সকালৰ ভিতৰত প্ৰথম টৌত মৃত্যুৰ সংখ্যা আছিল ছটা আৰু দ্বিতীয় টৌত এই সংখ্যা এই পর্যন্ত ১৫টা হৈছে অর্থাৎ দুগুণ বৃদ্ধি পাইছে। মনকৰিবলগীয়া যে এতিয়ালৈ দ্বিতীয় টৌ অব্যাহত আছে।

১৮ বছৰ তলৰ শিশু-কিশােৰ সংক্রমিত হােৱাৰ ক্ষেত্ৰত হটস্পটৰূপে চিহ্নিত হােৱা জিলাকেইখন হৈছে কামৰূপ মহানগৰ, ডিব্ৰুগড়, নগাঁও, কামৰূপ গ্রাম্য আৰু শােণিতপুৰ জিলা। এই মর্মে কামৰূপ মহানগৰত সর্বাধিক ৫,৩৪৬টা শিশু আক্রান্ত হৈছে।

জিলাখনত মুঠ আক্রান্তৰ সংখ্যা হৈছে ৫৩,২৫১জন। অর্থাৎ ইয়াৰে ১০.০৪ শতাংশ ১৮ বছৰ বয়সৰ তলৰ। দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা। জিলাখনত মুঠ ১৯,৯৩৭জন আক্রান্ত হােৱাৰ বিপৰীতে ইয়াৰে ভিতৰত ১২.১৯ শতাংশ অর্থাৎ ২,৪৩০টা শিশু-কিশােৰ।

তৃতীয় স্থানৰ নগাঁও জিলাত মুঠ ১৫,৯১০জন আক্রান্তৰ ভিতৰত ১৪.৩৮ শতাংশ অর্থাৎ ২,২৮৮টা শিশু-কিশােৰ। কামৰূপ গ্রাম্য জিলাত শিশুৰ আক্ৰান্তৰ সংখ্যা ২,০২৩টা। জিলাখনৰ মুঠ ১৭,২১৬জন ক’ভিড সংক্ৰমণৰ ১১.৭৫ শতাংশ। শােণিতপুৰত মুঠ ১,৮৩৯টা ক’ভিড আক্রান্ত শিশুৰ তথ্য প্রকাশিত হৈছে।

জিলাখনৰ মুঠ ১৩,২৩৯জন আক্রান্তৰ ভিতৰত ১৩.৮৯ শতাংশ শিশু-কিশােৰ। এক এপ্রিলৰ পৰা ২৬ জুনলৈ চলিত বৰ্ষত দ্বিতীয় টৌত শূন্যৰ পৰা ১৮ বছৰৰ ভিতৰৰ আক্ৰান্তৰ মৃত্যুৰ সংখ্যা ৩৪টা। ইয়াৰ অধিকাংশই ৰােগ যেনে হৃদপিণ্ড, যকৃত আদিৰ দৰে জটিল ৰােগত আক্রান্ত আছিল।

মৃতসকলৰ ভিতৰত পাঁচ বছৰৰ তলৰ শিশুসকল বিশেষকৈ জটিল ৰােগত আক্রান্ত আছিল। দ্বিতীয় টৌত অধিক পৰিমাণে শিশু আক্রান্ত হােৱাৰ কাৰণ ব্যাখ্যা কৰি ৰাষ্ট্রীয় স্বাস্থ্য মিছনে কয় যে এইসকলে হােম আইছ’লেছনত থকা পিতৃ- মাতৃ অথবা পৰিয়ালৰ অন্যান্য সদস্যৰ দ্বাৰা সংক্রমিত হৈছে।

স্কুল-কলেজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আন কোনাে মাধ্যমৰ জৰিয়তে শিশু-কিশােৰ আক্রান্ত হােৱাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি স্বাস্থ্য মিছনে কয়। ৰাষ্ট্রীয় স্বাস্থ্য মিছনে কয় যে তৃতীয় পর্যায়ৰ অব্যাহত থকা অসম সমূহীয়া নিৰীক্ষণ কার্যসূচীত দেখা গৈছে যে হােম আইছ’লেছনত থকা ক’ভিড পজিটিভ পিতৃ-মাতৃ, অভিভাৱকৰ সন্তান পৰৱর্তী পর্যায়ত ক’ভিড পজিটিভৰূপে চিনাক্ত হৈছে।

সেয়েহে এনে পিতৃ-মাতৃ তথা অভিভাৱক প্রতিষ্ঠানিক কোৱাৰেণ্টাইন ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ জৰিয়তে শিশুৰ মাজত ক’ভিড-১৯ৰ প্ৰসাৰ ৰােধ কৰিব পাৰে বুলি কোৱা হৈছে। প্রকাশিত তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত কম-বেছি পৰিমাণে ১৮ৰ অনূর্ধ্বৰ শিশু-কিশােৰ ক’ভিড আক্রান্ত হৈছে।

ইপিনে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মুৰব্বী লক্ষ্মণনে কয়, “আমি যিটো সংখ্যা এতিয়া দেখিছাে সেয়া এদিনত বৃদ্ধি হােৱা নাই, প্রায় তিনিমাহৰ তথ্যৰ ভিত্তিত প্রকাশিত সংখ্যা। সাম্প্রতিক সময়ত দৈনিক সংক্রমণৰ ঘটনাৰ ভিতৰত ১০ৰ পৰা ১২ শতাংশ শিশু। ইয়াৰে সকলাে সংক্রমিত শিশু লক্ষণযুক্ত নহয়।

আমি ইতিমধ্যে উপলব্ধি কৰিছাে যে বহু শিশু নিজ গৃহত আছুতীয়াকৈ থকা ক’ভিড আক্রান্ত পিতৃ-মাতৃ অথবা অভিভাৱকৰ দ্বাৰা সংক্রমিত হৈছে। বর্তমান পৰিস্থিতিত আমি এই পৰামর্শ দিব বিচাৰাে যে যিসকল আক্রান্ত লােকৰ শিশু আছে তেওঁলােকে কেতিয়াও হােম আইছ’লেছনত থকা উচিত নহয়। যােৱা এক এপ্রিলৰ পৰা এই পর্যন্ত ৰাজ্যত দ্বিতীয় টৌ মুঠ আক্রান্তৰ ১২ শতাংশ শিশু বুলি তেওঁ দোহাৰে।

Exit mobile version